Spread the love

আৰম্ভণিৰেপৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ, কলাগুৰু বিষ্ণু ৰাভা দেৱৰ সক্ৰিয় সংস্পৰ্শ আৰু প্ৰেৰণাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিভাৰ সুদৃঢ় ভেটি গঢ়ি তুলিছিল। আজি বিশ্ববৰেণ্য শিল্পী, অসমীয়াৰ মৰমৰ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক “Jollywood Now” ৰ তৰফৰ পৰা মৃত্যুবাৰ্ষিকীত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

সুৰেৰে, গানেৰে তথা কথাৰে জাতি-জনজাতিৰ মাজত মিলন সাঁকো গঢ়ি তোলা ড° ভূপেন হাজৰিকা দেৱ আছিল এজন অনন্য অগ্ৰদূত৷ কেৱল মাত্ৰ এটা ধৰ্ম তথা এটা জাতিৰ বাবেই তেখেতে গীত ৰচা নাছিল, সৰ্বহাৰাৰ দৰে সৰ্বধৰ্মৰ তেজ তেখেতৰ শিঁৰাই শিঁৰাই প্ৰবাহিত হৈছিল৷ হাজৰিকা দেৱ সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ অসমীয়া। তেখেতৰ প্ৰতিটো সৃষ্টি আমাৰ হৃদয়ত আজীৱন জীয়াই থাকিব…


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *