Spread the love

দীক্ষু শৰ্মাৰ “RASSAM” কাঢ়িলে শ্ৰোতাৰ মন

দীক্ষু শৰ্মা… অনুৰাগীসকলক নিজৰ ৰঙত ৰঙীণ কৰি তুলিবলৈ চেষ্টা কৰা এগৰাকী কণ্ঠশিল্পী। তেওঁৰ পূৰ্বৰ গীতসমূহে অসমীয়া সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল, যিসমূহ শুনিলে আজিও শ্ৰোতাসকল উৎসাহিত হৈ পৰা পৰিলক্ষিত হয়। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীৰ এটি গীতে খলকনি তুলিলে, গীতটিত এক ব্যতিক্ৰমী ধাৰণা সন্নিৱিষ্ট কৰা হৈছে যাৰ বাবে গীতটো অধিক উপভোগ্য হৈ পৰিছে। আপোনালোকক আগতেওঁ কৈছিলোঁ, দীক্ষু শৰ্মাৰ সদ্যমুক্তিপ্ৰাপ্ত গীতটোৰ নাম অৰ্থাৎ “RASSAM” টোৱে সূচাইছে অসম আৰু ৰাজস্থানক। ঐক্যতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা উক্ত গীতটিৰ ভিডিঅ’ পৰিচালনাও খুবেই মজবুত।

নহবওঁনো কিয়? বৰ্তমান প্ৰজন্মৰ দুগৰাকীকৈ প্ৰতিভা একযোট হৈ গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্ব বহন কৰিছিল। সেই দুগৰাকী হৈছে ক্ৰমে সুব্ৰত কাকতি আৰু শচীন বৰুৱা। গীতটোৰ বাবে দীক্ষু শৰ্মাই শ্ৰোতাৰ যথেষ্ট মৰম লাভ কৰিছে। য’ত এগৰাকীয়ে লিখিছে “আমি ভবা নাছিলোঁ অসমীয়া আৰু ৰাজস্থানী গীতৰ ফিউজন ইমান সুন্দৰ হৈ পৰিব বুলি।” আন এগৰাকীয়ে লিখিছে- “বহুত দিনৰ দীক্ষু দাৰ গীত “মাষ্টাৰপিছ” লৈ পৰিণত হৈছে।” আপোনালোকে উপভোগ কৰিলে নাই বাৰু গীতটো?

লিংকটো আগবঢ়াইছোঁ-


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *