Spread the love

থিয়েটাৰ বিশেষ…

আগন্তুক নাট্যবৰ্ষত ভ্ৰাম্যমাণলৈ আহিব পৰিৱৰ্তন

পৰিৱৰ্তনে নতুনৰ সন্ধান দিয়ে, এই নতুনে আমাক আগুৱাই যাবলৈ কেতিয়াবা অনুপ্ৰাণিত কৰে। মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতিটো দিশৰ লগতে ভ্ৰাম্যমাণ জগতখনতো পৰিৱৰ্তনে দেখা দিছে। উদাহৰণ হিচাবে আপোনালোকক আমি ক’ব পাৰিম হেঙুল থিয়েটাৰৰ কথা। আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে এতিয়াৰে পৰা ভ্ৰাম্যমাণৰ এক উল্লেখনীয় থিয়েটাৰ গোষ্ঠী “হেঙুল” সাজু হৈছে। তেওঁলোকে নিজেই কৈছে “সময়ৰ আহ্বান গ্ৰহণ কৰি এজাক তৰুণৰ শক্তিৰে অহা নাট্যবৰ্ষ”। শেহতীয়াকৈ প্ৰকাশিত “হেঙুল থিয়েটাৰ” ৰ পষ্টাৰখনে যথেষ্ট সংখ্যক দৰ্শককো আকৰ্ষণ কৰিছে । কিয়নো, আগন্তুক নাট্যবৰ্ষত মঞ্চত দেখিবলৈ পোৱা যাব কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈক।

এয়া হৈ গ’ল হেঙুলৰ কথা। অহাবাৰ “ইতিহাস থিয়েটাৰ” লৈও পৰিৱৰ্তন আহিব। কিয়নো এইবাৰ “মহাৰাজ” হৈ আহিব যতীন বৰা। হয়, ঠিকেই পঢ়িছে। আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষত সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক। মুঠতে এক কথাত ক’বলৈ গ’লে, অহা বাৰৰ নাট্যবৰ্ষ থিয়েটাৰ গোষ্ঠীসমূহৰ সমান্তৰালকৈ বিশেষ ৰূপে প্ৰমাণ হ’ব দৰ্শকসকলৰ বাবেও। অৱশ্যে, এইবাৰ ৰবি শৰ্মাক ভ্ৰাম্যমাণত যেনেদৰে দেখিছে তেনেদৰে আগন্তুক বৰ্ষত তেওঁক নেদেখিব। ভ্ৰাম্যমাণৰ সৈতে ৰবি শৰ্মা জড়িত নহয় বুলি অভিনেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰে। কিয়নো, তেওঁ এইবাৰ ছবিৰ সৈতে জড়িত হ’ব আৰু তাৰেই কামত ব্যস্ত থাকিব।

যা হওঁক, আগন্তুক নাট্যবৰ্ষৰ বাবে আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *