“আগৰৱালা দেৱ আছিল আজীৱন ৰূপতীৰ্থ যাত্ৰী”- বিষ্ণুপ্ৰসাদ ৰাভা দেৱে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে এনেদৰে বৰ্ণনা কৰি থৈ গৈছে। অসমীয়া সাহিত্য-সংস্কৃতি, সমাজ আৰু সভ্যতাৰ উত্তৰণৰ অন্যতম সাধক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ অসমীয়া জাতীয় জীৱনৰ এক অবিস্মৰণীয় সত্তা। তেখেত হৈছে ৰূপান্তৰৰ শিল্পী। নামটোৰ দৰেই জিলিকি থকা এগৰাকী এনে শিল্পী যাৰ স্থান প্ৰতিগৰাকী অসমীয়াৰ হৃদয় গহ্বৰত। ১৯৩৪ চনত ভোলাগুৰি চাহ বাগিছাত অস্থায়ী চিত্ৰবন নামৰ ষ্টুডিঅ’ সাজি প্ৰথম খন অসমীয়া কথাছবি “জয়মতী” নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতখনৰ সোণসেৰীয়া অধ্যায়ৰ আৰম্ভণি কৰা এইগৰাকী মহান শিল্পীৰ জীৱন আৰু কৃতিত্বৰে নিৰ্মিত এখন তথ্যচিত্ৰই শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ দ্বাৰা নিৰ্মিত “জ্যোতি ককাইদেউ” নামৰ এই তথ্যচিত্ৰ খনে শেহতীয়াকৈ ষষ্ঠদশ কেৰেলা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱত নিৰ্বাচিত হৈছে। জানিব পৰা মতে, এই তথ্যচিত্ৰখন নিৰ্মাণৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিভিন্ন তথ্য যুগুত কৰাৰ উদ্দেশ্যে পাৰ্থজিৎ বৰুৱাই কলিকতা, এডিনবাৰ্গ, স্কটলেণ্ড, ইউ.এফ.এ আৰু বাৰ্লিনলৈকে যাত্ৰা কৰিছিল।
চানলিট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ ৰচনা, পৰিচালনা, প্ৰযোজনা আৰু কেমেৰা পাৰ্থজিৎ বৰুৱাৰ, সম্পাদনা- হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন- দেৱজিৎ গায়নৰ, সংগীত- অপৰূপ আগৰৱালাৰ, শিৰোনাম কেলিগ্ৰাফী- অনুপ দত্তৰ, ভইচ অভাৰ- আকাংক্ষা ভাগৱতীৰ আৰু উপশীৰ্ষক- প্ৰান্তিক ডেকাৰ৷ এই তথ্যচিত্ৰখনে আগন্তুক দিনত নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলক জ্যোতি ককাইদেউৰ বিষয়ে জনাত সহায় কৰিব।