Spread the love

কাৰণটো নকওঁ, ইয়াত পঢ়ক-

আপোনালোক সজাগ তথা সচেতন হওক, আপোনাৰ সাঁচতীয়া ধনৰ ওপৰত শেনচকু পৰিছে কাৰোবাৰ। কি হ’ল? কথাষাৰ কোৱাৰ লগে লগে ভয় খালে হয় নে নহ’লে বুকুখনটো জিকাৰ খাই গৈছিলে হয়টো? নাই আমি মাত্ৰ এখন চুটি ছবিৰ কথাহে কৈছোঁ। চুটি ছবিখনৰ নাম “ভাল ভাল”। কোনোবাই খবৰ সুধিলে আমি “ভাল” বুলিয়েই কওঁ নহয়নে? এইখন এখন তেনেধৰণৰেই চুটি ছবি। চুটি ছবিখনত নায়ক গৰাকীৰ জীৱনত ক্ষন্তেক সময়ৰ বাবে এজাক ধুমুহা আহে, সেই ধুমুহাজাকে তেওঁক অলপ সময়ৰ বাবে জোকাৰি থৈ যায়।

চুটি ছবিখনৰ কাহিনীভাগ ব্যতিক্ৰম আৰু মনোৰঞ্জনধৰ্মী। “Rowd Unlimited” নামৰ ইউটিউব প্লেটফৰ্মটোত মুক্তি লাভ কৰা এই চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে চন্দন দাস আৰু তেওঁৰেই ৰিয়েল লাইফ সহধৰ্মিনী গুণমনি কলিতাই। ৬ মিনিট দৈৰ্ঘ্যৰ চুটি ছবিখনৰ কাহিনীভাগৰ বিষয়বস্তুভাগো চন্দন দাসৰ নিজৰেই। পৰিচালনা কৰিছে প্ৰাঞ্জল হালৈ আৰু হাৰ্ডিক কাশ্যপে। চিনেমেট’গ্ৰাফী আৰু সম্পাদনা হাৰ্ডিকৰ।

জনসাধাৰণৰ নতুন উপভোগ কৰাৰ যি মানসিকতা তাক আজুৰি ল’বলৈ বৰ্তমান সক্ষম হৈছে একাংশ নৱপ্ৰজন্মৰ প্ৰতিভাই। বৰ্তমান নৱপ্ৰজন্মৰ দ্বাৰা প্ৰস্তুত হোৱা একাংশ প্ৰকল্পত জনসাধাৰণে যিটো হাৰত সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে তাতেই ধৰিব পৰা যায় যে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মই কেনেধৰণে নিজ প্ৰতিভাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে, বৰ্তমান সময়ৰ চুটি ছবিসমূহত বাৰু আপোনালোকে কেনেধৰণৰ কাহিনী উপভোগ কৰা নাই? সকলোৱেতো আছে। গতিকে, এতিয়া পুনৰ বাৰ আপোনালোকক সুধিছোঁ- “আপোনাৰ খবৰ ভাল নে?”


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *