Spread the love

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি থকা পৰিচালক বিশ্বজিৎ বৰা। দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীযুতা দ্ৰৌপদী মুৰ্মূ ডাঙৰীয়ানীয়ে শেহতীয়াকৈ আমাৰ ৰাজ্যৰ কেইবাগৰাকীও পৰিচালক তথা প্ৰযোজকক আনুষ্ঠানিকভাৱে “৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা” প্ৰদান কৰে। তাৰ ভিতৰত অন্যতম হৈছে আমাৰ সকলোৰে পৰিচিত পৰিচালক বিশ্বজিৎ বৰা। তেখেতৰ ছবি “বুম্বা ৰাইড” য়ে শ্ৰেষ্ঠ মিচিং ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। পৰিচালক হিচাবে তেখেত সদায় ব্যতিক্ৰম, পৰিচালক এগৰাকীয়ে নিজৰ সৃষ্টিৰে জনসাধাৰণক কিবা এটা নতুন দিবলৈ বিচাৰিলে কিমান নিষ্ঠাৰে সেই কামটো সম্পন্ন কৰে তাৰ প্ৰতিফলন আপুনি দেখিবলৈ পাব “বুম্বা ৰাইড” ত।

অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ দূৰাৱস্থাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মানসিক অন্তঃৰ্দ্বন্দ তথা শিক্ষাগুৰুসকলৰ জীৱনাদৰ্শন ইত্যাদি প্ৰতিটো বিষয়ক সামৰি নিৰ্মিত “বুম্বা ৰাইড” ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ইন্দ্ৰজিৎ পেগু নামৰ এটা কণমানিয়ে। দোকানলৈ ঘৰৰ বস্তু কিনিবলৈ গৈ থকা অৱস্থাতেই বিশ্বজিৎ বৰাই শিশুটোক দেখি “বুম্বা ৰাইড” ৰ বাবে গ্ৰহণ কৰিছিল। দেৰগাঁৱৰ বৰমুকলি গাঁৱত বহুদিন থাকি সেই ঠাইৰ জনসাধাৰণৰ মনৰ বুজ লৈ পৰিচালক বিশ্বজিৎ বৰাই তিনি মাহত ছবিখনৰ ৯০ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল এই গাঁওখনতেই। “বুম্বা ৰাইড” সঁচাকৈ এখন উপভোগ্য ছবি।

বিশ্বজিৎ বৰাৰ এই সফলতাত আমি প্ৰতিগৰাকী অসমীয়া সুখী। তেখেতৰ লগতে উক্ত বঁটাপ্ৰাপ্ত আটাইলৈ Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *