Spread the love


“প্ৰাগ চিনে এৱাৰ্ড”… এই নামটোৱে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত জন্মলগ্নৰে এক বিশেষ ভূমিকা প্ৰদান কৰি আহিছে। কোনো এটা কাম সমাপন কৰাৰ পিছত সেই কামটোৰ প্ৰশংসা পালে আমি সকলো উৎসাহিত হওঁ। অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক উৎসাহিত কৰিবলৈ সক্ষম হোৱা “প্ৰাগ চিনে এৱাৰ্ড” য়েও অসমীয়া শিল্পী সকলক প্ৰশংসাৰ পাত্ৰ কৰি তোলে সকলোৰে মাজত। আগন্তুক ২৭ মে’ ২০২৩ তাৰিখে মেঘালয়স্থিত ইউ এচ টি এম প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব “প্ৰাগ চিনে এৱাৰ্ড”। বিগত ২০০৩ চনৰ পৰা অনুষ্ঠিত হৈ অহা এই চিনে এৱাৰ্ডে দুটা দশকজুৰি অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নতুনকৈ সংযোজিত হোৱা যুৱপ্ৰজন্মৰ প্ৰতিভা সকলক অনুপ্ৰাণিত কৰি আহিছে।

উল্লেখ্য যে, এই “প্ৰাগ চিনে এৱাৰ্ড” ত চলিত বৰ্ষত বিগত ২০২২ ত চেন্সৰ লাভ কৰা মুঠ ৩১ খন অসমীয়া ছবিয়ে বঁটা লাভৰ বাবে মনোনয়ন লাভ কৰিছে। আনহাতে, আন ৪ টা নতুন শাখা সহ এইবাৰ চিনে এৱাৰ্ডত মুঠ ৩৪ টা শাখাত বিভিন্ন শিল্পী, কলা-কুশলীক বঁটা প্ৰদান কৰা হ’ব। বিগত বৰ্ষত মুক্তি লাভ কৰা প্ৰায় অধিকাংশ অসমীয়া ছবিয়ে ছবিগৃহত মুক্তি লাভ কৰাৰ লগতে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, “অসমীয়া চলচিত্ৰ উদ্যোগলৈ ঘূৰি আহিল সোণালী দিন” শীৰ্ষবাণীৰে অনুষ্ঠিত হ’বলগীয়া “প্ৰাগ চিনে এৱাৰ্ড ২০২৩” ত দুগৰাকী জনপ্ৰিয় তথা বিশিষ্ট শিল্পী ক্ৰমে তৌফিক ৰহমান আৰু চেতনা দাসক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব।

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো “প্ৰাগ চিনে এৱাৰ্ড” য়ে অসমীয়া শিল্পী সকলৰ লগতে দৰ্শক সকলৰ মাজতো আশাৰ বতৰা কঢ়িয়াই আনিব । এইবাৰ আদনান ছামীৰ লগতে বলীউড আৰু দাক্ষিণাত্যৰ বহু তাৰকা উপস্থিত থাকি এই অনুষ্ঠানভাগিৰ সৌষ্ঠ্যৱ বৃদ্ধি কৰিব। আটাইলৈ Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *