এটা সুন্দৰ গীতে সদায় জনসাধাৰণৰ মন-মগজুত প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে প্ৰশান্তি আনিব পাৰে। দিনজোৰা ব্যস্ততাৰ অন্তত আমি সদায় এটি সুন্দৰ গীতেৰে নিজৰ ভাগৰ জুৰাও। যাত্ৰাৰ সময়ত খিৰিকীৰ কাষৰ চিটটোৱে যেনেদৰে আমাক সুখ প্ৰদান কৰে, সেই সুখত অধিক ৰহণ সানিব পাৰে এটি গীতে। এই অনুভৱটো সদায় ব্যতিক্ৰম। সুৰীয়া কণ্ঠ আৰু সাৱলীল কথাৰ সংমিশ্ৰণেৰে অসমীয়া সংগীত ক্ষেত্ৰখনত মুক্তিপ্ৰাপ্ত একোটা গীতত শ্ৰোতা-দৰ্শক নজনাকৈয়ে ঢাল খাই পৰে। মুঠতে, একোটা ভাল আৰু সুন্দৰ প্ৰকল্পৰ আদৰ অসমীয়া প্ৰত্যেকগৰাকী মনোৰঞ্জন প্ৰেমী জনসাধাৰণে কৰি আহিছে। শেহতীয়াকৈ শ্ৰোতা-দৰ্শকে উপহাৰ হিচাবে লাভ কৰা সুন্দৰ গীতটি হৈছে “পাহাৰীয়া ডাৱৰ”। গীতটিৰ শব্দৰ লগতে ইয়াৰ ভিডিঅ’টোৱেও মনযোগ বঢ়াইছে সকলোৰে। গীতটিত নৱপ্ৰজন্মৰ প্ৰতিভাৰ স্পষ্ট নিদৰ্শন দেখিবলৈ পোৱা গৈছে।
ছবি প্ৰডাকচনৰ বেনাৰত “project পোষ্ট By Craftlet বক্স” ৰ দ্বাৰা সদ্য মুক্তিপ্ৰাপ্ত “পাহাৰীয়া ডাৱৰ” য়ে নজনাকৈয়ে যে আপোনাৰ প্লে-লিষ্টত ৰিপিড ম’ডত চলিছে সেয়া একাষাৰে নক’লেও হয়টো অতিৰঞ্জিত নহ’ব। গীতটিত অভিনীত অৰিন্দম শৰ্মা আৰু সুকন্যা বৰুৱাৰ মননশীল অভিনয় সঁচাকৈ প্ৰশংসনীয়। তেওঁলোকে গীতটিৰ বিষয়বস্তুটোক ৰাইজৰ মাজত সুন্দৰকৈ উপস্থাপন কৰাত সক্ষম হৈছে। ভিডিঅ’টিত এওঁলোকৰ লগতে অভিনয় কৰিছে শিখা তালুকদাৰ, উমেশ হালৈ আৰু অভিনৱ প্ৰতীম দাসে। এগৰাকী মাতৃৰ বিয়োগে তেওঁৰ পুত্ৰৰ মনলৈ কিমান বিষাদ আনিব পাৰে সেই কথাখিনিকেই গীতটিৰ জৰিয়তে উলিয়াই অনাৰ প্ৰয়াস কৰা হৈছে। মাতৃৰ ছাঁটোৰ দৰেই অহৰ্নিশেই লগত থকা সন্তানৰ বাবে মাতৃৰ বিয়োগৰ সেই সময়কণ কিমান কষ্টকৰ আৰু আৱেগপূৰ্ণ হ’ব পাৰে সেয়া হয়টো আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। অভিলাস দাসৰ কথাৰে ৰচিত গীতটিত ৰূপম ভূঞাৰ কণ্ঠই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি তোলাত সক্ষম হৈছে। ভিডিঅ’ পৰিচালনাত অনুপ্ৰাস দাসৰ স্বকীয়তা আৰু নিখুঁত চিন্তা সমূহৰ প্ৰকাশ পাইছে।
এক কথাত ক’বলৈ গ’লে, সাম্প্ৰতিক সময়ৰ এটি সুন্দৰ গীত হৈছে “পাহাৰীয়া ডাৱৰ”। গীতটিৰ অনুভূতিয়ে আপোনাক বান্ধি ৰাখিব বুলি আমাৰ দৃঢ়বিশ্বাস।