Spread the love

আমাৰ সমাজ খন সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ আশানো কাৰ নাথাকে? এখন নিকা আৰু স্বচ্ছ সমাজত জীৱন নিৰ্বাহৰ ইচ্ছা আমাৰ সকলোৰে আছে। আমি আগতেও কৈছোঁ, মাধ্যমটোৰ নাম যদিও মনোৰঞ্জন তথাপিও এই মনোৰঞ্জনৰ জৰিয়তে বিভিন্ন জনে সমাজ সংস্কাৰৰ দিশতো গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। প্ৰতিটো সপ্তাহত একোখন নতুন ছবিৰ মুক্তিৰ খবৰ আমি আপোনালোকক দি আহিছোঁ, কাইলৈও এখন নতুন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিব। নামটো হৈছে “বীৰ” ।

দুৰ্নীতিমুক্ত এখন সমাজ গঢ়িবলৈ এই সমাজখনৰ তথাকথিত কোনবোৰ কামক প্ৰত্যাহ্বান জনাই আগবাঢ়িব লাগিব তাৰে কিছু ঘটনা-পৰিঘটনাক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে “বীৰ” নামৰ ছবিখন। চম্পাৱতী ফিল্মচৰ বেনাৰত ছবিখনৰ পৰিচালনা কৰিছে নাৰায়ণ শীল আৰু দীপ্তি ইছলামে। ছবিখনত অভিনয় কৰিছে ক্ৰমে ৰাজ ইছলাম, লনিশ্ৰী, বাবলি বৰা, মুকুল দাস, ভৱেশ দাস, পল ফুকন, চাজু আহমেদ, অনন্যা ব্ৰহ্মা, ৰক্তিম ৰাজ, জোনসাগৰ, মিনৰ’, জুৱেল ইছলাম, প্ৰিয়া পি শৰ্মা, প্ৰিন্স কুমাৰ, ঔঁম কাশ্যপ আৰু অমিয় চৌধুৰীয়ে। কাহিনী দীপ্তি ইছলামৰ লগতে স্ক্ৰীপ্ট আৰু সংলাপ ঋষি কলিতাৰ। চিত্ৰনাট্য পৰিচালনা পৰিচালক নাৰায়ণ শীলৰ নিজৰেই। ছবিখনৰ গীতত জুবিন গাৰ্গৰ লগতে প্ৰিয়ংকা ভৰালীয়ে কণ্ঠদান কৰিছে।

ছবিখনৰ বিষয়বস্তুটোৱে দৰ্শকক আমোদ প্ৰদান কৰিব বুলি যথেষ্ট আশাবাদী “বীৰ” ৰ নিৰ্মাতা গোষ্ঠী। লগতে, আমি আশাবাদী অসমীয়া চলচিত্ৰ উদ্যোগটোক লৈ। Jollywood Now ৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *