Spread the love



কি আছে ঋতৃষা শৰ্মাৰ “চুটি শালিকী” ত?

“অ’ শালকী চুটি শালকী
কোন দেশে যাবি?
অ’ আমাৰ দেশে যাবি শালকী
আইকে লগ পাবি।”

এটি জনপ্ৰিয় কামৰূপী লোকগীত। অসমীয়া সংগীত ক্ষেত্ৰখন যে প্ৰতিটো দিশৰ পৰাই সমৃদ্ধ তাক প্ৰমাণ কৰে এই লোকগীতবোৰে। অসমীয়া লোকগীতৰ ধাৰাটোক আচলতে সুক্ষ্মভাৱে লিখি এটি প্ৰৱন্ধ-নিবন্ধৰ জৰিয়তে বান্ধি ৰাখিব পৰা নাযায়। ইয়াৰ পৰিসৰ যথেষ্ট বহল। আমাৰ পুৰণি সাহিত্য-সংস্কৃতি তথা ধাৰাসমূহক নতুনকৈ প্ৰস্তুত কৰি জনসাধাৰণৰ মাজত উলিয়াই অনাৰ প্ৰয়াস বৰ্তমান অসমীয়া কণ্ঠশিল্পীসকলে যেনেদৰে কৰিছে সেয়া সঁচাকৈ আদৰণীয়। জুবিন গাৰ্গৰ সৈতে মঞ্চত সংগীতানুষ্ঠান কৰি জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালকৈ স্বকীয় গায়নশৈলীৰে বহু শ্ৰোতাৰ কাষ চাপিবলৈ সক্ষম হোৱা ঋতৃষা শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছিল তেওঁৰ আহিবলগীয়া গীতটোৰ বিষয়ে। নাম “চুটি শালিকী”।

গীতটোৰ শিৰোনাম পঢ়াৰ লগে লগে একাংশৰ মনলৈ উৰ্দ্ধৃত কামৰূপীয়া লোকগীতৰ শাৰীকেইটা আহি গৈছিল। অৱশ্যে, এই গীতটোৰ মাজত এতিয়া ঋতৃষা শৰ্মাই কি নতুনত্বৰ সঞ্চাৰ কৰিব সেয়া আমি গীতটোৰ মুক্তিৰ পিছতহে জানিব পাৰিম। এগৰাকী শিল্পী নিজৰ পেছাগত জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবে অকণমান বেছিয়ে প্ৰচাৰ হয়, ঋতৃষা শৰ্মাৰ ক্ষেত্ৰতো তেনেই হৈছিল কিন্তু কোনো কাৰণতেই কোনো নেতিবাচক মন্তব্যই কণ্ঠশিল্পীগৰাকীৰ নিষ্ঠা আৰু একাগ্ৰতাক হৰুৱাব পৰা নাছিল। একেই উদ্যম আৰু সাহসেৰে ঋতৃষা শৰ্মাই গীত প্ৰস্তুত কৰিছে আৰু অনুৰাগীক উপহাৰ দিছে।

তেওঁৰ আহিবলগীয়া গীতটোৰ ভিডিঅ’ পৰিচালনা কৰিছে জ্ঞান গৌতমে। সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ কৰিছে হৃদয় গোস্বামীয়ে। জানিব পৰা মতে, গীতটো মুক্তিৰ বাবে সাজু হৈ উঠিছে। আটাইলৈ “Jollywood Now” ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *