Spread the love

সত্তৰ দশকৰ পৰা অসমীয়া অভিনয় জগতক নতুন পথ দেখুৱাবলৈ প্ৰয়াস কৰি নিজ জীৱন উৎসৰ্গা কৰা বিশিষ্ট পৰিচালক মুনিন বৰুৱা দেৱক জন্মদিৱসত “Jollywood Now” ৰ তৰফৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰিছোঁ।

মুনিন বৰুৱা যাক আমি ভাইমন দা বুলি কওঁ- এটি পৰিচিত নাম, আৱেগ বিশেষ। নাটকৰ পৰা অভিনয় জগতত কাম আৰম্ভ কৰা ভাইমন দা এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে প্ৰথমে ছবি জগতত ভৰি দিয়ে। অসমীয়া অভিনয় ক্ষেত্ৰখনত যতীন বৰা- ৰবি শৰ্মাকে আদি কৰি আন বিভিন্ন গৰাকী প্ৰতিভাক উলিয়াই আনি নতুন পৰিচয় দিয়া ভাইমন দা আছিল অসমীয়া ছবি জগতৰ বাবে এক আশীৰ্বাদস্বৰূপ। হিয়া দিয়া নিয়াকে ধৰি বোৱাৰী, নায়ক, বিধাতা, বাৰুদ, দীনবন্ধু, ৰামেধুন ইত্যাদি ছবিসমূহে আজিও আমাক আকৰ্ষণ কৰি ৰাখিছে।

তেখেতৰ কৰ্মৰাজি তথা অৱদানসমূহেৰে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখন আজীৱন মহীয়ান হৈ থাকিব।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *