চৰিত্ৰবোৰ! আপুনি-মই আমাৰ জীৱনত কিমান ৰূপ সলাওঁ বাৰু? অভিনেতা-অভিনেত্ৰীসকলৰ ক্ষেত্ৰত এয়া কিছু বেলেগ। তেওঁলোকে নিজৰ চৰিত্ৰ ঘনাই সলনি কৰিবলগা হয়, পেছাৰ তাগিদাত। চৰিত্ৰবোৰ যেতিয়া তেওঁলোকে জীয়াবলৈ লয়, তেতিয়া সেই অভিনয়ৰ তুলনা কৰিব নোৱাৰি। আমাৰ ৰাজ্যৰ চলচিত্ৰ উদ্যোগত বহু এনে অভিনেতা-অভিনেত্ৰী আছে যিসকলৰ অভিনয় বৰ ভাল লগা, সুন্দৰ আৰু গ্ৰহণযোগ্য। তেনে এগৰাকী হৈছে লিমা দাস। ভাস্কৰ হাজৰিকাই যেতিয়াই তেওঁৰ “আমিষ” ছবিখনত লিমা দাসক লৈ আনিলে, তেতিয়াৰে পৰা চলচিত্ৰপ্ৰেমী দৰ্শকৰ বাবে তেওঁ প্ৰিয় অভিনেত্ৰীৰ লিষ্টত সন্নিৱিষ্ট হৈ পৰিলে। শেহতীয়াকৈ, তেওঁৰ এটা নতুন চৰিত্ৰ অথবা এটা নতুন ৰূপ দেখিবলৈ পোৱা গ’ল।
আমি দেখিবলৈ পাওঁ, অভিনেত্ৰী লিমা দাসৰ এটা সাধাৰণ ফটোশ্বুটো ভাইৰেল হৈ পৰে। ষ্টেটাচে ষ্টেটাচে অভিনেত্ৰীগৰাকীৰ ৰূপৰ বৰ্ণনা কৰা দেখা যায় জনসাধাৰণক। কিন্তু আজি তলত দিয়া এই ফটোখন দেখি আপুনি এবাৰতে চিনি পাবলৈ অকণমান অসুবিধা হ’ব। এয়া খাটাং। এই ফটোখন হৈছে এখন চুটি ছবি ‘হেৰোৱা গৰু” ৰ। পৰিচালনা কৰিছে ভাস্কৰ হাজৰিকাই। Sohum Shah Films ৰ বেনাৰত চুটি ছবিখন ১ অক্টোবৰ, ২০২৩ তাৰিখে নিউয়ৰ্কৰ Macabre faire film fest ত ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত কৰা হৈছে। চুটি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ভাস্কৰ হাজৰিকাৰ নিজৰেই। সংলাপ লিখিছে পৰিচালক গৰাকীৰ লগতে সুনয়না দত্তই।
লিমা দাসে নিজৰ চৰিত্ৰটিৰ এখন ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ লগে লগে ফটোখন ভাইৰেল হৈ পৰাৰ সমান্তৰালকৈ চুটি ছবিখন চাবলৈ অপেক্ষাৰত হৈ পৰে দৰ্শকসকল।