Spread the love

বহু নতুন গীতৰ শুভমুক্তিয়ে শ্ৰোতাগণক যথেষ্ট আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত দুটা বিশেষ গীতৰ কথা আপোনালোকৰ ওচৰত ক’বলৈ ওলাইছোঁ। এটা হৈছে প্ৰবীণ বৰাৰ, এই কণ্ঠশিল্পীগৰাকীৰ কথা অৱশ্যে কয় শেষ কৰিব নোৱাৰা বিধৰ। ৰোমাণ্টিক গীতসমূহৰ আঁৰত বহু কণ্ঠশিল্পী আছে, তাৰ ভিতৰত অন্যতম প্ৰবীণ বৰাৰ কণ্ঠই প্ৰেম-প্ৰেম লগা এটা সুন্দৰ অনুভৱেৰে প্ৰত্যেককে মুগ্ধ কৰি নিয়ে। তেওঁৰ কণ্ঠৰে শেহতীয়াকৈ মুক্তি লাভ কৰিছে “ৰাধাচূড়া” য়ে। গীতটি মুক্তি লাভ কৰাৰ পিছতেই কমেণ্ট বক্সত শ্ৰোতাসকলৰ মন্তব্যৰ ভিৰ লাগিছে। নিদিবওনো কিয়? এনেহেন উৎকট গৰমৰ মাজত যদি কোনোৱে প্ৰশান্তিসূচক এটি গীত উপহাৰ দিব পাৰে তেতিয়াহ’লে আৰু লাগেনো কি? গীতটিৰ কথা আৰু সুৰ দিগ দিগন্তৰ। ভিডিঅ’টোত অভিনয় কৰিছে য়াশাশ্ৰী ভূঞা আৰু শুভম ডেকাই।

আনহাতে, মুক্তিপ্ৰাপ্ত আন এটা গীত হৈছে “এচেৰেঙা”। মুকুন্দ শইকীয়াৰ প্ৰচেষ্টাৰে নিৰ্মিত “Smack” এলবামটোৰ গীত হৈছে এচেৰেঙা। ৰক মিউজিকক অসমীয়া ভাষাত সংমিশ্ৰণ কৰি মুকুন্দ শইকীয়াই যিটো গীত ৰাইজৰ মাজলৈ উলিয়াই আনিছে, সেয়া শুনি শ্ৰোতাসকল আপ্লুত হৈ পৰিছে। গীতটিৰ কথা, সুৰৰ লগতে গীতাৰ বজাইছে মুকুন্দ শইকীয়াই লগতে কণ্ঠদান কৰিছে ৰূপম বৰুৱাই।

নতুন নতুন গীত শ্ৰোতাসকলক প্ৰদান কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্ম আগৰণুৱা। আটাইলৈ শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *