আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে প্ৰতিটো থিয়েটাৰ গোষ্ঠী সাজু হৈ উঠিছে। চুক্তিবদ্ধ হৈছে একোগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীও। ব্যয়বহুল আয়োজনেৰে থিয়েটাৰ গোষ্ঠীসমূহেও একোখন নাটকক সংযোজিত কৰিছে।
হেঙুল থিয়েটাৰ- কিছুদিন পূৰ্বে অনাগত ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে “হেঙুল” ত কোন কোন অভিনেতা-অভিনেত্ৰী জড়িত হ’ব আমি জনাইছিলোঁ। শেহতীয়াকৈ সমাদৰ লাভ কৰিছে তেওঁলোকৰ লগত অন্তৰ্ভুক্ত নাটকসমূহৰ নামবোৰেও। অহা বৰ্ষত মঞ্চত দেখিবলৈ পাব প্ৰণৱ ভৰালীৰ “মছজিদ ৰোড, নামঘৰ পথ”। লগতে আছে প্ৰণৱ বৰুৱা “চিলনী” আৰু অভিজিৎ ভট্টাচাৰ্যৰ “বিড়ি”।
থিয়েটাৰ ৰুদ্ৰাক্ষঃ এইবাৰ “থিয়েটাৰ ৰুদ্ৰাক্ষ” ত দেখিবলৈ পোৱা যাব দুগৰাকীকৈ জনপ্ৰিয় অভিনেত্ৰীক। এগৰাকী হ’ল প্ৰিয়ম পল্লৱী আৰু আনগৰাকী হ’ল মুনমী ফুকন। তেওঁলোকৰ প্ৰথমখন নাটকৰ নাম হৈছে প্ৰশান্ত মেনাৰ “ৰণাঙ্গনৰ ৰূপহী”। লগতে, এইবাৰ উক্ত থিয়েটাৰ গোষ্ঠীৰ সৈতে চুক্তিবদ্ধ হৈছে ক্ৰমে তাৰক দাস, নিৰ্মল দাস, সুকুমাৰ বৰ্মণ, দীপাংকৰ ৰয়, সীমান্ত কাশ্যপ আৰু ৰূপৰেখা গোস্বামীক।
অভিনন্দন থিয়েটাৰঃ আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষত “অভিনন্দন থিয়েটাৰ” ৰ মঞ্চত দেখিবলৈ পোৱা যাব ৰাজকুমাৰৰ লগতৰ পল্লৱী মেধি, অঞ্জনজ্যোতি বেজ, প্ৰণৱ শৰ্মা, বিপুল বৰা সহিতে সুকন্যা ৰাজগুৰুক। আনহাতে মঞ্চস্থ হ’বলগীয়া তিনিখন নাটক হৈছে ক্ৰমে অভিজিৎ ভট্টাচাৰ্যৰ “মন গোলাপৰ তেজ” আৰু “মজনুৰ মৰম”। লগতে আছে প্ৰণৱ বৰুৱাৰ “ৰাধা বিহীন বৃন্দাবন”। অৱশ্যে আগন্তুক নাট্যবৰ্ষত “অভিনন্দন”ৰ সৈতে দেখিবলৈ নাপাব অভিনেত্ৰী প্ৰিয়ম পল্লৱীক।
আপোনালোকক ইতিমধ্যে জনাইছিলোঁ যে, আগন্তুক নাট্যবৰ্ষৰ বাবে থিয়েটাৰ গোষ্ঠীসমূহৰ যো-জা চলিছে তীব্ৰতৰভাৱে। সকলোকে উৎসাহিত কৰিছে থিয়েটাৰসমূহৰ এই ঘোষণাই…