Spread the love

২০০৫ চনৰ “অঞ্জনা”… মনত আছেনে তাহানিৰ এই ভিচিডি’ খনৰ কথা? বাৰম্বাৰ শুনিও হেঁপাহ নপলোৱা ভিচিডিখনৰ এই গীতবোৰ। তেতিয়াৰ দিনত দৰ্শকৰ বাবে বৰ আমোদৰ বস্তু আছিল এই ভিচিডি সমূহ।

এইক্ষেত্ৰত এন কে প্ৰডাকচনৰ অৰিহণা সম্পৰ্কত আমি উল্লেখ কৰিবই লাগিব। তেওঁলোকৰ ফালৰ পৰা যদি কোৱা হয় যে এয়া ৪০ বছৰৰ সফলতা! তেতিয়াহ’লে আচলতে ইয়াৰ আঁৰত সঁচাকৈ আছে বহু জীয়া কাহিনী। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ভিচিডি সমূহৰ জৰিয়তে বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ অভিনয়ৰ কেৰিয়াৰৰ শুভাৰম্ভ কৰাৰ লগতে আজি পৰ্যন্ত সেই অভিনেতা-অভিনেত্ৰীসকলৰ এক নিৰ্দ্দিষ্ট নাম ৰৈ গৈছে এই অভিনয় ক্ষেত্ৰখনত।



২০০৫ চনত মুক্তিপ্ৰাপ্ত “অঞ্জনা” ত অভিনয় কৰিছিল ক্ৰমে অৰূপ বৈশ্য, আকাদ্বীপ, আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই। আহক এই ভিডিঅ’টোৰ জৰিয়তে আমি ৰোমন্থন কৰোঁ আমাৰ কিছু পুৰণি স্মৃতি।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *