প্ৰেম বোলা বস্তুটো একপ্ৰকাৰ সাঁথৰ। মানুহে দেখুৱাইও কৰে, নেদেখুৱাইও কৰে। সন্তৰ্পণে বুকুৰ ভিতৰত কঢ়িয়াই ফুৰা এই “প্ৰেম” কিমান দূৰলৈ শিপাবগৈ পাৰে হয়টো সেয়া কল্পনাৰো অগোচৰ। সকলোৰে জীৱনলৈ প্ৰেম আহে। কেতিয়াবা স্কুলীয়া প্ৰেম অথবা কেতিয়াবা কলেজীয়া প্ৰেম, কিন্তু সেই প্ৰেমবোৰ সাৰ্থকো বহু কমসংখ্যক লোকৰে হয়। এই প্ৰেমৰ এক ব্যতিক্ৰমী ৰূপ আপুনি দেখিবলৈ পাব “Mind Garage” ৰ তৃতীয়টো চিনেগল্প “ভুল সত্য” ত। “খোজৰ শব্দ আৰু “প্ৰাপ্তি” ৰ পিছত “Mind Garage” ৰ এয়া তৃতীয়টো নিবেদন। বিশ্বায়নৰ এই সময়ছোৱাত আমি সকলো ব্যস্ত, গল্প এটা বা এখন উপন্যাস পঢ়িবলৈ আমাৰ সময় নাই যদিও মনোৰঞ্জন প্ৰদানৰ এক মাধ্যম হিচাবে হাতে হাতে থকা মোবাইলটোকে ব্যৱহাৰ কৰা হয়।
গতিকে একোটা গল্পৰ এনে চিনেৰূপবোৰে দৰ্শকক আকৰ্ষিত কৰে। “Mind Garage” ৰ ব্যতিক্ৰমী চিন্তাক সকলোৱে সমাদৰ জনোৱাও দেখিবলৈ পোৱা গৈছে। সদ্যমুক্তিপ্ৰাপ্ত চিনেগল্পটোৰ মনোজ কুমাৰ গোস্বামীৰ একে নামৰ গল্পটোৰ দ্বাৰা আধাৰিত। পৰিকল্পনা আৰু পৰিচালনা পূৰ্বৰ দুবাৰৰ দৰে হিমাংশু প্ৰসাদ দাসৰ নিজৰেই। এইবাৰ গল্পটোৰ পাঠো তেওঁ নিজেই কৰিছে। “ভুল সত্য” ত অভিনয় কৰিছে ক্ৰমে ভাস্কৰ তামুলী, নীলিম দত্ত, নন্দিনী বৰুৱা আৰু হিমাংশু প্ৰসাদ দাসে। সংগীত সিদ্ধান্ত সাগৰৰ, দৃশ্যগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে। সম্পাদনা ধীৰাজ মজুমদাৰৰ আৰু গ্ৰাফিক্স তন্ময় কাকতিৰ।
ক্ষন্তেকতে দৰ্শকৰ সঁহাৰি লাভ কৰা “ভুল সত্য” – এ আচলতে “Mind Garage” ৰ দায়িত্ব বঢ়াইছে। অনাগত দিনত আৰু সুন্দৰ গল্পৰ মনোগ্ৰাহী চিনেগল্প উপভোগ কৰিবলৈ আমি অপেক্ষাৰত।