অসমীয়া চলচিত্ৰপ্ৰেমী ৰাইজক কিবা এটা নতুন দিয়াৰ উদ্দেশ্যৰে নিৰলসভাৱে নিজ প্ৰচেষ্টা অব্যাহত ৰাখিছে “ৰাঘৱ” ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী কলা-কুশলীয়ে। আহিবলগীয়া অসমীয়া বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম “ৰাঘৱ” ৰ বাবে অসমীয়া ছবিপ্ৰেমী ৰাইজৰ উৎকণ্ঠা উল্লেখযোগ্য। জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীৰ ফেচবুক লাইভে শেহতীয়াকৈ ছবিখনক লৈ বিভিন্ন বাৰ্তা জনসাধাৰণক দিলে।
কাশ্মীৰৰ লাডাখত ১৫ দিন পৰ্যন্ত ছবিখনৰ সমগ্ৰ টীমটোৱে এটি গীতৰ শ্বুটিং কৰিছে। প্ৰবল তুষাৰপাতৰ বাবে তিনি দিন স্তব্ধ হৈ ৰৈছিল “ৰাঘৱ” ৰ শ্বুটিং, কিন্তু হাৰি যোৱা নাছিল তেওঁলোকৰ একাগ্ৰতা লগতে দৃঢ়তা।
কাশ্মীৰৰ উপৰিও “ৰাঘৱ” ৰ শ্বুটিং গুৱাহাটীকে ধৰি যোৰহাট, মেঘালয়, হায়দৰাবাদ, ৰামুজী ফিল্ম চিটীত সম্পন্ন কৰা হ’ব। এই ছবিখনত যতীন বৰাৰ লগতে অভিনয় কৰিব হিৰণ্য ডেকা, নিশিতা গোস্বামী, সিদ্ধাৰ্থ নিপন গোস্বামী, চুমি বৰাকে আদি কৰি বহুকেইগৰাকী ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।