Spread the love

এয়া সময় অসমীয়া চিনেমাৰ। ইখনৰ পিছত সিখন ছবিৰ আগমনৰ খবৰ আৰু ছবিসমূহৰ ব্যতিক্ৰমী কনচেপ্টৰ খবৰসমূহে অসমীয়া চলচিত্ৰপ্ৰেমী ৰাইজক উৎসাহিত কৰি তুলিছে। এন কে প্ৰডাকচনৰ বেনাৰত আহিবলগীয়া ছবি আমি “দ্য শ্লেমবুক” ৰ বিষয়ে আপোনালোকক জনাবলৈ লৈছোঁ। অহা ৩০ জুন তাৰিখে ছবিগৃহত মুক্তিপাবলগীয়া ছবিখনক লৈ বৰ্তমান তীব্ৰহাৰত প্ৰচাৰ আৰম্ভ হৈছে। হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ছবিখনত কণ্ঠদান কৰা “পালতৰা” শীৰ্ষক গীতটিয়ে ইতিমধ্যে সচেতন মহলত বহুলভাৱে চৰ্চিত হৈছে। এন কে প্ৰডাকচনে নিজ ৪০ বছৰীয়া সফল যাত্ৰাত এখন ছবি উপহাৰ দিবলৈ সাজু হৈছে অসমীয়া জনতাক।

শ্যামন্তিকা, মেঘৰঞ্জনীকে আদি কৰি আন বহু অভিনেতা-অভিনেত্ৰী তথা কণ্ঠশিল্পীক এন কে প্ৰডাকচনে সুযোগ দিছে, জীৱন পৰিক্ৰমাত আগবাঢ়ি যোৱাত সহায় কৰিছে। তেনে এক ধাৰা অব্যাহত ৰাখিয়েই এন কে প্ৰডাকচনৰ নতুন ছবি “দ্য শ্লেমবুক” ত দেখিবলৈ পোৱা যাব দুগৰাকী নতুন প্ৰতিভাক। সেই দুগৰাকী হৈছে ক্ৰমে নিৰূপম শইকীয়া আৰু শ্ৰেষ্ঠা হাজৰিকা। নৱাগতা দুগৰাকীয়ে ছবিখন চাবলৈ সকলোকে আহ্বান জনোৱাৰ সমান্তৰালকৈ কয় যে, “ছবিখনে বহু লোকক নষ্টালজিক কৰি তুলিব, স্কুল সময়ছোৱালৈ আমাৰ সদায় ঘূৰি যাবলৈ মন যায় আৰু যেতিয়াই এই ছবিখন দৰ্শকে চাব তেতিয়াই তেওঁলোক আগৰ সময়খিনিলৈ ঘূৰি যাবলৈ সুবিধা লাভ কৰিব। এইখন সম্পূৰ্ণৰূপে এখন নৱপ্ৰজন্মৰ ছবি, নৱপ্ৰজন্মই সংযোগ স্থাপন কৰিব ছবিখনৰ সৈতে।”

অহা ৩০ জুন তাৰিখলৈ এতিয়া অপেক্ষাৰত সকলো। “শ্ৰী ৰঘুপতি” ৰ পিছতেই সাজু হৈ থকা এই অসমীয়া ছবিখনক লৈ সঁচাকৈ আশাবাদী সকলো।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *