Spread the love

আহিবলগীয়া বিভিন্ন খন ছবিৰ ভিতৰত এখন হৈছে “যৌৱনে আমনি কৰে ২”। ছবিখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। নিৰ্মাতা গোষ্ঠীৰ ফালৰ পৰা ছবিখন নিৰ্মাণৰ দিশে আগবাঢ়িছে সকলো। লক্ষ্মী নাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনৰ বিভিন্ন চৰিত্ৰৰ বাবে শেহতীয়াকৈ নতুন অভিনেতা-অভিনেত্ৰীক বিচৰা হৈছে। ৰূপালী পৰ্দাত নিজকে চাবলৈ খোজা নৱপ্ৰজন্মৰ বাবে এয়াই হৈছে এক সুৱৰ্ণ সুযোগ। এটা জনপ্ৰিয় প্ৰডাকচন হাউচৰ প্ৰকল্পৰ সৈতে নিজকে জড়িত কৰোৱাৰ সপোন কাৰনো নাথাকে। গতিকে, “যৌৱনে আমনি কৰে” ৰ দ্বিতীয় সংস্কৰণটোৱে এই সপোন সাকাৰ কৰাৰ বাবে আহি আছে আপোনালোকৰ মাজলৈ।

আপোনালোকে জানেনে বাৰু? ১৯৯৮ “যৌৱনে আমনি কৰে” ছবিখনে চলিত বৰ্ষত সম্পূৰ্ণ কৰিছে ২৫ টা বৰ্ষ। সেই সময়ত, এই ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ লগতে ইয়াৰ কাহিনীভাগে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিছিল। ১৯৯৮ চনত অসমীয়া চলচিত্ৰ জগতলৈ আশাৰ বতৰা কঢ়িয়াই অনা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনীত বৰ্ণালী পূজাৰীৰ অভিনয় আৰু হিৰণ্য দাসৰ মাৰ্চিয়েল আৰ্ট আছিল লেখত ল’বলগীয়া। মুঠতে, দৰ্শকক আমোদ দিব পৰাকৈ বিভিন্নটা নতুন কনচেপ্ট সুমুৱাই দিয়া হৈছিল “যৌৱনে আমনি কৰে” ত। এইবাৰৰ দ্বিতীয় সংস্কৰণটোৱে জনসাধাৰণক কেনে ৰস প্ৰদান কৰিব সেয়া অৱশ্যে হ’ব লক্ষ্যণীয়।

দুৰ্গোৎসৱৰ অষ্টমী দিনটোত ছবিখনৰ চিত্ৰনাট্যভাগ মা দুৰ্গাৰ শ্ৰীচৰণত উৎসৰ্গা কৰি মাৰ আশিস কামনা কৰে নিৰ্মাতা গোষ্ঠীয়ে। আমিও ছবিখনৰ সৈতে বৰ্তমানলৈকে জড়িত আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *