Spread the love

অসমৰ এগৰাকী স্পষ্টবাদী সাংবাদিক, সংগ্ৰামী সত্তা তথা সাহসী লেখক আছিল পৰাগ কুমাৰ দাস। ৰাজ্যৰ পিছপৰা জাতি-জনজাতি, সৰ্বসাধাৰণ জনতা, কৃষক, শ্ৰমিকৰ শোষণৰ বিপৰীতে শাসক গোষ্ঠীৰ গণস্বাৰ্থ বিৰোধী নীতিক সমালোচনা কৰি নিৰলসভাৱে কলম চলাই গৈছিল পৰাগ কুমাৰ দাস দেৱে। তেখেতৰ সাংবাদিকতাৰ আধাৰ আছিল নিৰ্ভীকতা তথা নিৰপেক্ষতা। তেখেতৰ আদৰ্শ তথা যুঁজাৰু মনোভাৱ সমগ্ৰ অসমবাসীৰ বাবে আজীৱন অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিকগৰাকীৰ সৈতে কাৰোবাৰ মত পাৰ্থক্য থাকিব পাৰে। কিন্তু তেওঁৰ ত্যাগ আৰু অৰিহণালৈ কোনেও আঙুলি তুলিব নোৱাৰে। বিগত ১৯৯৪ চনত পৰাগ কুমাৰ দাসে “আগান” নামেৰে এখন বাৰ্তালোচনী প্ৰকাশ কৰিছিল। জনসাধাৰণ অপেক্ষাৰত আছিল আলোচনীখনৰ লেখাসমূহ পঢ়িবলৈ। এই আলোচনীখন আছিল ১০ দিনীয়া। মুঠ ২৪ টা সংখ্যা প্ৰকাশ হোৱা আগানৰ জৰিয়তে জাতীয় জীৱনৰ বহু কথা দাঙি ধৰিছিল সাংবাদিক গৰাকীয়ে।

এই আগান আৰু পৰাগ কুমাৰ দাসৰ স্মৃতিত মুক্তি লাভ কৰিছে এটি নতুন গীত “আগানৰ গান”। মুক্তিৰ পিছতেই সৰ্বত্ৰে চৰ্চিত হোৱা এই গীতটিৰ দ্বাৰা এটা কথা স্পষ্ট হৈ উঠে যে পৰাগ কুমাৰ দাস জীৱনাদৰ্শন আৰু সৃষ্টিৰাজিৰ দ্বাৰা উদ্বুদ্ধ আজি যুৱপ্ৰজন্ম। গীতটিত কণ্ঠদান কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৰ বুটলিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী নাহিদ আফ্ৰিনে। গীতটিৰ বিষয়বস্তু ঠেংগাল জ্যোতি স্বপ্নৰ। সুৰ কৰিছে ৰূপম বৰুৱাই লগতে সংগীত কৰিছে শব্দব্ৰহ্মাই। সংগীত প্ৰযোজনাৰ দায়িত্বত আছে ইশানু শৰ্মা আৰু মিক্সিং জিন্টু বৰদলৈৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা জোনাক প্ৰকাশৰ। প্ৰতিটো দিশত আগৰণুৱা আজিৰ নৱপ্ৰজন্মই নিজৰ মূল খুঁতি এৰি যোৱা নাই, তাৰেই প্ৰমাণ হৈছে এনেধৰণৰ কেতবোৰ গীত।

“আগানৰ গীত” জনপ্ৰিয় হওক আৰু অধিক তাকে কামনা কৰিছোঁ। লগতে, গীতটোৰ সৈতে জড়িত আটাইলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *