এখন ড্ৰাগছমুক্ত অসম গঢ়ি তোলাৰ উদ্দেশ্যৰে আমাৰ অসমত শূণ্য সহনশীল নীতিৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে অসমৰ চৰকাৰ আৰু প্ৰশাসনে। আমি বিগত দুবছৰত বহু ড্ৰাগছ সৰবৰাহী অথবা বহু কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ কৰায়ত্ব হোৱাৰ বাতৰি কাকতে-পত্ৰই পঢ়িছো তথা সংবাদমাধ্যমত দেখিছোঁ। ড্ৰাগছ হৈছে সামাজিক ব্যাধি, যিয়ে গোটেই সমাজ ব্যৱস্থাক ক্ষন্তেকতে ধ্বংস কৰি দিব পাৰে, যুৱপ্ৰজন্মৰ মাজত যদি এই সামগ্ৰীবিধৰ অত্যাধিক প্ৰচাৰ আৰু প্ৰসাৰ হোৱা দেখা যায় তেতিয়াহ’লে ই আমাৰ সমাজলৈ নেতিবাচক বাৰ্তা কঢ়িয়াব পাৰে। ড্ৰাগছৰ কিছু এনে বিষয়বস্তুক লৈয়ে আহি আছে নতুন অসমীয়া ছবি।
বিভিন্ন ধৰণৰ নতুন কনচেপ্টৰ সৈতে আহিবলগীয়া ছবিসমূহৰ ভিতৰত এই ছবিখনো হ’ব অন্যতম। আহি আছে “প্ৰতিশ্ৰুতি”। ছবিখনৰ শ্বুটিঙৰ ইতিমধ্যে ৮০ শতাংশ কামেই সমাপন হৈ উঠিছে। আগন্তুক ২০২৪ বৰ্ষত ছবিখনে মুক্তি লাভ কৰিব সৰ্বত্ৰে। এই ছবিখনত বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰো সমাৱেশ ঘটোৱা হৈছে। তেওঁলোক হৈছে ক্ৰমে প্ৰস্তুতি পৰাশৰ, প্লাবিতা বৰঠাকুৰ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা আৰু সিদ্ধাৰ্থকে আদি কৰি কেইবাগৰাকীও ন-পুৰণি শিল্পী। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে কিশোৰ তাহবিলদাৰ। মধু চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰাতুল বৰুৱাই। ছবিখনত সংযোজিত গীতসমূহত কণ্ঠদান কৰিছে ক্ৰমে জুবিন গাৰ্গ আৰু ৰূপম ভূঞাই। ড্ৰাগছৰ বিষয়বস্তুৰে নিৰ্মিত হোৱাৰ ফলত ছবিখন থ্ৰীলাৰধৰ্মী হোৱাটো একেবাৰে নিশ্চিত, সমাজৰ এটি হৃদয়স্পৰ্শী বিষয়বস্তু আৰু তাৰ মাজত টুইষ্ট- ছবিখনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব