Spread the love

সদ্যঘোষিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই অসমলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। চলচ্চিত্ৰ বঁটা শিতানত ৬ টাকৈ সন্মান আজুৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছে আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো। শ্ৰীকুলদা কুমাৰ ভট্টাচাৰ্য দেৱে ‘হাতীবন্ধু’ ৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। লগতে, শ্ৰেষ্ঠ নৃতাত্ত্বিক ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে তিৱা ছবি ‘Fire on Edge’ সন্মানিত হৈছে। শেহতীয়াকৈ, মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ ‘অনুৰ’ৰ বাবে ডাঃ জাহানাৰা বেগমে জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰাৰ লগতে এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ মিচিং চলচ্চিত্ৰ হিচাবে ‘বুম্বা ৰাইড’ সন্মানিত হৈছে আৰু সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাবে ‘অনুনাদ’ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে।

আপোনালোকক এইখিনিতে জনাই থওঁ যে, এই আটাইকেইখন ছবিৰ মাজত আটাইতকৈ অপেছাদাৰী অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰে নিৰ্মাণ কৰা হৈছিল বিশ্বজিৎ বৰাৰ “বুম্বা ৰাইড” শীৰ্ষক ছবিখন। য’ত মুখ্য চৰিত্ৰ অভিনীত শিশু অভিনেতা ইন্দ্ৰজিৎ গায়নক পৰিচালকে বিচাৰি পাইছিল এখন দোকানত বজাৰ কৰিবলৈ যোৱা সময়তহে। দেৰগাঁওস্থিত বৰমুকলি গাঁৱৰ বাসিন্দা ইন্দ্ৰজিতৰ তাত “বুম্বা” চৰিত্ৰটো সম্পূৰ্ণ খাপ খাব বুলি ভাবিয়েই এই শিশুটোক দোকানলৈ যোৱা অৱস্থাতেই নিজৰ ছবিত সাঙুৰি লৈছিল। অসমৰ গ্ৰামাঞ্চলৰ শিক্ষাব্যৱস্থাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন এই মাহৰে শেষৰ ফালে হয়টো দেখিবলৈ পোৱা যাব “নৰ্থ আমেৰিকা” ৰ ছবিগৃহতো। তাৰপিছতে বিশ্বৰ বিভিন্ন দেশত ছবিখন চলিব কাৰণ “বুম্বা ৰাইড” ৰ “WorldRights” ইতিমধ্যে বিক্ৰী হৈছে, আৰু এইয়াই একমাত্ৰ অসমীয়া চলচ্চিত্ৰ যাৰ স্বত্ব এনেদৰে অইন দেশৰ কোম্পানীৰ দ্বাৰা কিনি লোৱা হৈছে বিশ্বত প্ৰদৰ্শনৰ বাবে।

ইয়াৰ সমান্তৰালকৈ, বঁটাপ্ৰাপক ছবিসমূহৰ সকলো পৰিচালক-প্ৰযোজক, অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকলক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *