Spread the love

শেহতীয়াকৈ গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত “অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০২৩” প্ৰদান কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) য়ে আয়োজন কৰা এই সৌজন্যমূলক অনুষ্ঠানত অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাগৰাকীও মন্ত্ৰী-আমোলা উপস্থিত থাকি অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত বঁটাপ্ৰাপক সকলক উক্ত সন্মান প্ৰদান কৰে।

বিগত ২ টা বৰ্ষ ক’ভিডৰ ফলত এই বঁটা প্ৰদান কৰা হোৱা নাছিল। সেয়েহে, চলিত বৰ্ষত ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে মুক্তি লাভ কৰা আৰু ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে মুক্তিপ্ৰাপ্ত ছবি সমূহ “অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা” প্ৰদান কৰা হৈছে। আপোনালোকক জনাই থওঁ যে, ২০১৮ চনৰ বাবে মুঠ ১২ খন ছবি, ৮খন চুটি ছবিৰ লগতে ৫ খন তথ্যচিত্রই এই বঁটা লাভ কৰাত বিপৰীতে ২০১৯ চনৰ বাবে মুঠ ১৮ খন ছবি, ৩ খন চুটি ছবি আৰু ৩ খন তথ্যচিত্ৰৰ বাবে আৱেদন লাভ কৰা হৈছিল। আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটাৰ বাবে ২০১৮ চনত ৭ গৰাকী (প্ৰৱন্ধৰ বাবে) আৰু ২০১৯ চনত ৩ গৰাকী (গ্রন্থৰ বাবে) তথা ৫ গৰাকীয়ে (প্রবন্ধৰ বাবে) আৱেদন দাখিল কৰিছিল।

এই সন্মান লাভ কৰাৰ পিছতেই অসমীয়া চলচ্চিত্ৰ ক্ষেত্ৰৰ সৈতে জড়িত অভিনেতা-অভিনেতা, পৰিচালক-প্ৰযোজক তথা কলা-কুশলী সকলে ইজনে আনজনক বহুল হাৰত প্ৰশংসা আৰু অভিবাদন জনোৱা পৰিলক্ষিত হৈছে। এই বঁটায়ে অনাগত দিনত সকলোকে আৰু অধিক উৎসাহিত কৰিব বুলি আমি আশাবাদী। বঁটাপ্ৰাপক সকলক Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *