Spread the love

গুপ্তহত্যাৰ ৰক্তাক্ত সত্যক লৈ নিৰ্মিত Shadow Assassins য়ে আকৰ্ষণ কৰিছে দৰ্শককঃ

অসমত ৯০ দশকত গুপ্তহত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। য’ত ত’ত আৰক্ষী-সেনাবাহিনীৰ অভিযানত ওলাইছিল ইজনৰ পিছত সিজনৰ মৃতদেহ। অগপ চৰকাৰৰ দিনত চলা এই গুপ্তহত্যাৰ আতংকময় তথা বিভীষিকাময় কাহিনীসমূহক লৈ বলীউডত নিৰ্মাণ কৰি উলিওৱা হৈছে “Shadow Assassins” নামৰ এখন ছবি। সম্প্ৰতি ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছে।

উক্ত ছবিখনে সেই সময়ছোৱাত গ্ৰামাঞ্চলত সৃষ্টি হোৱা পৰিৱেশৰ আভাস দাঙি ধৰিছে। ইয়াৰ কাহিনীভাগ কাল্পনিক যদিও ছবিখনৰ মূল পটভূমি বাস্তৱিক। নীলাঞ্জনা ৰীতা দত্তই প্ৰযোজনা কৰা এই ছবিখনৰ বাজেট হৈছে ৩.৫ কোটি টকা। হিন্দী তথা অসমীয়া ছবিক্ষেত্ৰৰ বহু শিল্পীৰ সংযোজেনে নিৰ্মিত ছবিখনে বৰ্তমান তথা উঠি অহা প্ৰজন্মক ৯০ দশকৰ ৰক্তাক্ত সময়ছোৱাৰ বিষয়ে জনোৱাত সহায় কৰিব।

হিন্দী ছবি জগতৰ অনুৰাগ সিনহা, মিষ্টি চক্ৰৱৰ্তী, হেমন্ত খেৰ, ৰাকেশ চতুৰ্বেদী ওম, সৌম্য মুখাৰ্জীকে আদি কৰি অসমৰ মনোজ বৰকটকী, ৰঞ্জিৱলাল বৰুৱা, স্তুতি চৌধুৰী, ভায়োলেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতিভূষণ হাজৰিকাই অভিনয় কৰিছে। ছবিখনৰ গীতত জাভেদ আলী আৰু জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে। কষ্টিউম ডিজাইন গৰিমা শইকীয়া গাৰ্গৰ। পুনে আৰু গুৱাহাটীৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ কৰা হৈছে ছবিখনৰ।

Screening in cinemas from 9th Dec’ 2022

© Jollywood Now


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *