“প্ৰজেক্ট বাৰ্তালাপ” ৰ নতুন গীত, শংকুৰাজ কোঁৱৰৰ কণ্ঠৰ “আৰোহী” ৰ জনপ্ৰিয়তাঃ
আমি সদায় জীয়াই থাকিবলৈ আশা-আকাংক্ষা, সপোন তথা হেঁপাহবোৰক বুকুত বান্ধি লৈ ফুৰোঁ। কেতিয়াবা কাৰোবাৰ ওচৰত এই সমূহৰ বিষয়ে ক’বলৈ গৈও এটা সংকোচবোধত ৰৈ যোৱা যায়। অৱশ্যে, কোনোবাই যে বুজি পাব তাৰ ওপৰত থকা সন্দেহৰ বাবেও আমি ৰৈ যাওঁ। শেহতীয়াকৈ, জীৱনৰ এই কিছুমান সৰু অথচ তত্ত্বগধুৰ বিষয়ক লৈ মুক্তি লাভ কৰিছে “প্ৰজেক্ট বাৰ্তালাপ” ৰ নতুন গীত “আৰোহী। সাৱলীল কথাৰে নিজৰ প্ৰতিটো গীতেৰে শ্ৰোতা-দৰ্শকক আকৰ্ষিত কৰা “প্ৰজেক্ট বাৰ্তালাপ” ৰ সদ্যমুক্তিপ্ৰাপ্ত এই গীতটিয়ে লাভ কৰিছে বহুল সমাদৰ। শংকুৰাজ কোঁৱৰৰ কণ্ঠক লৈও আপ্লুত অনুৰাগী; পৰিয়ালৰ সদস্যসমূহ সংগীতৰ সৈতে জড়িত নথকা স্বত্বেও এক সাংগীতিক পৰিৱেশতে ডাঙৰ-দীঘল হোৱা শংকুৰাজৰ প্ৰতিটো গীতেই অনুৰাগীৰ সংখ্যা দীঘলীয়া কৰি তোলে। অসমীয়া সংগীত ক্ষেত্ৰখন যে চহকী; সেয়া নক’লেও হয়টো সকলোৰে বোধগম্য।
শংকুৰাজ কোঁৱৰৰ দৰে একোগৰাকী নৱপ্ৰজন্মৰ বাবেই সংগীত ক্ষেত্ৰখনে নতুনত্বৰ মুখ দেখিছে, সেইবাবেই হয়টো মনোগ্ৰাহী বিষয়বস্তুৰে নিৰ্মিত এই গীত সমূহ প্ৰতিগৰাকী শ্ৰোতাৰ প্লে’লিষ্টত ঘূৰিবলৈ লৈছে। “আৰোহী” গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে কেইবাগৰাকীও জনপ্ৰিয় নৱপ্ৰজন্মৰ তাৰকাইও। ভিডিঅ’টিত চাৰিটা চৰিত্ৰৰ চাৰিটা ভিন্ন কাহিনীক উপস্থাপন কৰা হৈছে। হৰপাল শইকীয়া, মিণ্টু বৰুৱা, স্বাগতা ভৰালী, সুকন্যা বৰুৱা আৰু শংকুৰাজ কোঁৱৰৰ অভিনয়ৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ কথা, সংগীত আৰু সংগীত প্ৰযোজনাৰ দায়িত্বত আছে শংকুৰাজ কোঁৱৰ নিজেই। ভিডিঅ’ৰ কাহিনী, বিষয়বস্তু, পৰিচালনা আৰু চিনেমেটোগ্ৰাফী অনিৰুদ্ধ বৰুৱাৰ। সম্পাদনা আৰু ৰং দেৱব্ৰত ফুকনৰ।
গীতটিৰ অডিঅ’টোৰ সৈতে ইয়াৰ ভিডিঅ’টোৰ কাহিনীভাগ সুন্দৰকৈ সংযোজিত হোৱা বাবেই গীতটিক আৰু অধিক হাৰত সংযোগ কৰিবলৈ সক্ষম হৈছে ৰাইজে।