গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত সোমাব জুবিন গাৰ্গৰ নামঃ নিজেই প্ৰকাশ কৰিলে এই কথা-
জুবিন গাৰ্গ, এটা ব্ৰেণ্ড। প্ৰতিটো প্ৰজন্মৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ উৎস। সংগীতক ভালপোৱাৰ অন্যতম কাৰণ জুবিন গাৰ্গ। ৯০ দশক মানৰ পৰাই সংগীত ক্ষেত্ৰখনত নিজৰ চিনাকী দিবলৈ অহৰহ প্ৰয়াস কৰা এগৰাকী সংগীতশিল্পী, এগৰাকী সামাজিক দায়বদ্ধ নাগৰিক আৰু প্ৰায় প্ৰতিজন যুৱপ্ৰজন্মৰ সকলোতকৈ আপোন ব্যক্তিগৰাকীয়ে হৈছে জুবিন গাৰ্গ। অসমীয়া বৰগীত, লোকগীত, ৰোমাণ্টিক গীতকে আদি কৰি হিন্দী সংগীত ক্ষেত্ৰখনতো নিজৰ কামেৰে চিনাকী দি অহা এইগৰাকী হাৰ্টথ্ৰৱৰ সৈতে জড়িত প্ৰতিটো বিষয়ক লৈ উৎসাহী হৈ থাকে প্ৰতিগৰাকী অসমীয়া। ৰাতি টোপনি নাহিলে, হৃদয় ভাঙিলে, দুখ লাগিলে, কাৰোবাৰ সৈতে অকণমান একাত্ম সময়ক উদযাপন কৰাৰ লগতে কেতিয়াবা ভক্তি কৰা সময়ছোৱাতো আমি জুবিন গাৰ্গক শুনো। সেয়েহে, হয়টো বহুতেই কয় যে বহুত আহিব, বহুত যাব কিন্তু জুবিন গাৰ্গ চিৰযুগমীয়া হৈ ৰ’ব।
অসমীয়া সংগীত ক্ষেত্ৰৰ জুবিন গাৰ্গ এনে এজন সংগীতশিল্পী যাৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ অব্যাহত থাকে বিতৰ্কৰ যাত্ৰাও। তেওঁ ৩৫ হাজাৰ গীতত কণ্ঠদান কৰা বিষয়টোৱে বহুদিন ধৰি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ “নৰ্থইষ্ট ফেষ্টিভেল” ত কণ্ঠদান কৰা সময়ত জুবিন গাৰ্গে নিজেই এই কথা প্ৰকাশ কৰে আৰু কয় যে অহা বৰ্ষত অৰ্থাৎ ২০২৩ ত জুবিন গাৰ্গৰ নাম “গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড” ত সোমাই পৰিব। জুবিন গাৰ্গে নিজেই পাহৰিছে তেওঁ বৰ্তমানলৈকে কিমান ভাষাত কেইটা গীত গাইছে কিন্তু ৩৫,০০০ তকৈও যে সেয়া উৰ্দ্ধত সেইক্ষেত্ৰত তেওঁ নিশ্চিত।
জুবিন গাৰ্গ এনেদৰেই সদায় সুস্বাস্থ্যৰে আমাক সংগীত দিয়ক। আমি তাৰেই কামনা কৰিছোঁ। তেওঁৰ সংগীতৰ ধাৰা এনেদৰেই অব্যাহত থাকক আমি প্ৰতিগৰাকী সংগীতপ্ৰেমীয়ে তাৰেই আশা কৰি আহিছোঁ।