দীক্ষু শৰ্মা আৰু প্ৰিয়ংকা ভৰালীৰ দ্বৈত কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে “চন্দ্ৰমা”-
অসমীয়া সংগীত ক্ষেত্ৰৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ক্ৰমে দীক্ষু শৰ্মা আৰু প্ৰিয়ংকা ভৰালীৰ দ্বৈত কণ্ঠৰে মুক্তি পাবলৈ সাজু হৈছে এটি নতুন অসমীয়া ৰোমাণ্টিক গীত “চন্দ্ৰমা”। গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা হোৱা নাই যদিও দুয়োগৰাকীৰ যুঁটীয়া কণ্ঠক শুনিবলৈ আগ্ৰহী হৈ উঠিছে অনুৰাগী সকল। দীক্ষু শৰ্মা সংগীত জগতৰ এনে এক নাম য’ত জনপ্ৰিয়তা আৰু ব্যতিক্ৰমীতা সন্নিৱিষ্ট হৈ থাকে। ইয়াৰ লগতে, ডিজাইনাৰ কাপোৰৰ পৰা আৰম্ভ কৰি স্বামীৰ মেক-আপ লগতে তেওঁৰ সংগীত ক্ষেত্ৰখনতো যথেষ্ট সহায় আগবঢ়োৱা দেখিবলৈ পোৱা যায় দীক্ষুৰ পত্নী বিজিয়েতাক। আগন্তুক দিনত মুক্তি পাবলগীয়া গীতটিত কথা দিছে বিজিয়েতাই।
আহিবলগীয়া “চন্দ্ৰমা” গীতটিৰ সুৰ দিছে দীক্ষুৱে নিজেই। সংগীত প্ৰযোজনা বিভূতি গগৈৰ লগতে গীতাৰ বজাইছে ঈশান দাসে। নলবাৰীত জন্মগ্ৰহণ কৰা দীক্ষু শৰ্মা ২০০৫ চনত মুক্তিপ্ৰাপ্ত “চেম্পিয়ন” শীৰ্ষক এলবামটোৰ পৰাই সংগীত ক্ষেত্ৰখনত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, প্ৰিয়ংকা ভৰালীৰ বাবে বিগত ২০২২ বৰ্ষটো আছিল সৌভাগ্যজনক। বিগ বাজেট তথা হিন্দী-তামিল মনোৰঞ্জন ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰা “KGF CHAPTER 2” ছবিখনৰ “তুফান” নামে গীতটোত কণ্ঠদান কৰিবলৈ সুযোগ পাইছিল প্ৰিয়ংকা ভৰালীয়ে। বিগত ২০০৯ চনতে প্ৰিয়ংকা ভৰালী পেচাগতভাৱে সংগীত ক্ষেত্ৰখনত সোমাই পৰিছিল। তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কণ্ঠদান কৰা প্ৰায় প্ৰতিটো গীতকেই আঁকোৱালি লৈছে সংগীতপ্ৰেমী শ্ৰোতাই।
দীক্ষু শৰ্মা আৰু প্ৰিয়ংকা ভৰালীৰ দ্বৈত কণ্ঠক পুনৰ বাৰ শুনিবলৈ সাজু হৈ উঠিছে দুয়োগৰাকীৰ অনুৰাগী বৃন্দ। তেওঁলোকক আন্তৰিক শুভকামনা…