গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্টখন হ’বনে এ.আৰ.ৰহমানৰ জীৱনৰ এখন ভাললগা কনচাৰ্ট!
সংগীতৰ যাদুকৰ এ.আৰ.ৰহমান আহিব অসমলৈ। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক বৃহৎ কনচাৰ্টত সংগীত পৰিৱেশন কৰিব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সংগীতশিল্পী এ.আৰ.ৰহমানে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ প্ৰাইভেট লিমিটেডৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত এ.আৰ.ৰহমানে প্ৰায়ে ৩৫ হাজাৰৰো অধিক শ্ৰোতা-দৰ্শকক নিজ হৃদয়স্পৰ্শী সংগীতেৰে আকৰ্ষণ কৰিব। শেহতীয়াকৈ ৯৩.৫ ৰেড এফ এমৰ জনপ্ৰিয় আৰ.জে পাহীৰ এ.আৰ.ৰহমানৰ সৈতে হোৱা এক ভাৰ্চুৱেল সাক্ষাৎকাৰৰ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। য’ত আৰ.জে পাহীয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্নখন কনচাৰ্টত অংশগ্ৰহণ কৰাৰ পিছত এ.আৰ.ৰহমানৰ জীৱনৰ ভাল লগা কনচাৰ্ট কোনখন বুলি প্ৰশ্ন কৰিছিল! তাৰ উত্তৰত এ.আৰ.ৰহমানে গুৱাহাটীত অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া কনচাৰ্ট খন তেওঁৰ জীৱনৰ এখন ভাললগা কনচাৰ্ট হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। লগতে, তেখেত অসমলৈ অহাৰ বাবে অতিকৈ উৎসাহিত বুলি মন্তব্য কৰে। বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ দিনৰে পৰা তেখেতৰ অসমৰ সৈতে নিবিড় সম্পৰ্ক আছিল যদিও কোনোদিন অসম অহাৰ সুযোগ পোৱা নাছিল বুলি জনপ্ৰিয় সংগীতশিল্পী গৰাকীয়ে প্ৰকাশ কৰে।
অহা ১ ফেব্ৰুৱাৰী তাৰিখৰ এই কনচাৰ্টখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব। কিন্তু আবেলি ৫ বজাৰ পৰা খোলা হ’ব গেট। ২.৫ ঘণ্টা পৰ্যন্ত চলিবলগীয়া এই কনচাৰ্টখন থিয় হৈ বা বহি যিকোনো ধৰণেৰে উপভোগ কৰিব পাৰিব শ্ৰোতা-দৰ্শকে। অৱশ্যে প্ৰথম অহা সকলৰ ভিত্তিত আসন উপলব্ধ থাকিব। বয়সৰ কোনো সময়সীমা নাই যদিও ইয়াত অংশগ্ৰহণ কৰিবলৈ ৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ বাবে টিকটৰ প্ৰয়োজন হ’ব। মেগা কনচাৰ্টখনৰ বাবে বুকিং কৰিবলৈ আপোনালোকে বুক মাই শ্ব’ এপ তথা পেটিএম ইনচাইডাৰ এপত যাব লাগিব। অন্যথা তলত দিয়া লিংকতো ক্লিক কৰিব পাৰে-
এ.আৰ.ৰহমানৰ গভীৰ আৰু হৃদয়স্পৰ্শী প্ৰতিটো গীতেই সংগীত প্ৰেমী প্ৰতিগৰাকী শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি আহিছে। তেওঁক এবাৰ সমুখৰ পৰা চাই তেওঁৰ সংগীত উপভোগ কৰিবলৈ উৎসাহিত গুৱাহাটী মহানগৰবাসীৰ লগতে সমগ্ৰ অসমবাসী।