সাজু হৈ উঠিছে “ডক্তৰ বেজবৰুৱা ২”- শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবিখনৰ “ফুল ফুল” গীতটিয়ে লাভ কৰিছে জনপ্ৰিয়তাঃ
অসমীয়া চলচিত্ৰ জগতত বাণিজ্যিক ছবিৰ ধাৰাৰ সৃষ্টি কৰা “ডক্তৰ বেজবৰুৱা” ছবিখন হয়টো প্ৰতিটো প্ৰজন্মৰ বাবেই এখন প্ৰিয় ছবি হিচাবে পৰিগণিত হৈছে। হৃদয়স্পৰ্শী সংগীত, মনোগ্ৰাহী বিষয়বস্তু আৰু সুন্দৰ অভিনয়ৰ সংযোগেৰে নিৰ্মাণ হোৱা এই ছবিখনে মুক্তি লাভ কৰিছিল ১৯৬৯ চনত। আনহাতে, ১৯৭০ চনত লাভ কৰিছিল এই ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত “ডক্তৰ বেজবৰুৱা” ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত। উক্ত ছবিখনত অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীয়ে নায়কৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে অভিনয় কৰাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাইও “ডক্তৰ বেজবৰুৱা” ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
আজি এই পুৰণি ছবিখনৰ বিষয়ে কোৱা আন এক প্ৰসংগ আছে। কিয়নো মুক্তিৰ বাবে সাজু হৈ উঠিছে “ডক্তৰ বেজবৰুৱা ২”। ইতিমধ্যে ছবিখনৰ দুটিকৈ গীতে মুক্তি লাভ কৰিছে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “ফুল ফুল” শীৰ্ষক গীতটিয়ে সংগীত ক্ষেত্ৰত লাভ কৰিছে জনপ্ৰিয়তা। এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত উক্ত চিনেমাখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণে। ছবিখনক লৈ আন এক ভাল লগা কথা এয়াও যে এই ছবিখনত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনিৰ সৃষ্টি কৰি বহুল প্ৰশংসা বুটলি অনা আদিল হুচেইনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অসমৰ এগৰাকী অন্যতম সফল চিত্ৰনাট্যকাৰ, নাট্যকাৰ আৰু গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিকুৱেল লিখিছে।
ছবিখনত পৰিচালকৰ দায়িত্ব বহন কৰাৰ লগতে ইয়াত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে সদ্যপ্ৰয়াত মহীৰূহ নিপন গোস্বামীয়ে। ইয়াৰোপৰি, ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ নিপন গোস্বামী, তপন দাস, মাধুৰীমা চৌধুৰী, অৰুণ হাজৰিকা আদিৰ লগতে বহু ন-পূৰণি শিল্পীয়ে। ছবিখনত সংগীত পৰিচালনা জুবিন গাৰ্গ। ৫০ বছৰৰো পূৰ্বে মুক্তিপ্ৰাপ্ত “ডক্তৰ বেজবৰুৱা” ৰ এই দ্বিতীয়টো সংস্কৰণৰ বাবে অধীৰ অপেক্ষাৰে অপেক্ষাৰত চলচিত্ৰ প্ৰেমী ৰাইজ…