Spread the love

“দ্যা লাষ্ট ছিগাৰেট”, প্ৰেমৰ অনন্য সংজ্ঞাৰে নিৰ্মিত এখন চুটি ছবিঃ

“যদি জ্বলাই ওঁঠ পাহৰিব পাৰি বুকুৰ বিষাদ… তেতিয়াহ’লে আপত্তি কি ছিগাৰেট খোৱাত?”

প্ৰেম…ভালপোৱা! এই বিষয়বোৰক প্ৰসংগ-সংগতি দৰ্শাই বাখ্যা কৰিব পৰা নাযায়। ইয়াক এক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয়, যাক কেৱল অনুভৱ কৰিব পাৰি কিন্তু শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। প্ৰেমৰ বাবেই কোনো কাৰণ নোহোৱাকৈ মানি ল’ব পাৰি কিছুমান নমনা কথা, শব্দৰে নোৱাৰিলেও হৃদয়ৰ নিভৃততম কোণৰ পৰা ওলোৱা আৱেগেৰে সাঙুৰি ল’ব পাৰি আপোনজনক। এই প্ৰেমৰ কিছুমান সৰু সৰু সংজ্ঞাক উপস্থাপন কৰি আজিপৰ্যন্ত বিভিন্ন প্ৰকল্পই মুক্তি লাভ কৰিছে আৰু সেইসমূহে দৰ্শকৰ পৰা সঁহাৰিও লাভ কৰিছে। শেহতীয়াকৈ মুক্তি লাভ কৰিছিল এখন সুন্দৰ চুটি ছবি “দ্যা লাষ্ট ছিগাৰেট”। কাহিনীভাগৰ গভীৰতা ইমানেই বেছি যে ই প্ৰতিগৰাকী দৰ্শকক মোহিত কৰিবলৈ সক্ষম কৰি গৈছে। বাছ ষ্টেণ্ডত বহি থকা দুজন অচিনাকী লোকৰ মাজত গঢ়ি উঠা এক আপোন সম্পৰ্ক আৰু সেই একেই বাছ ষ্টেণ্ডত চকুৰ মিলনতেই প্ৰেমত পৰা এহাল ল’ৰা-ছোৱালী। আমি চুটি ছবিখনৰ কাহিনীক লৈ মাত্ৰ ইমানখিনিয়েই কৈছোঁ, কিয়নো চুটি ছবিখন যেতিয়ালৈ আপুনি উপভোগ নকৰিব, আপুনি বুজিব নোৱাৰিব।

চুটি ছবিখনত অভিনীত কমল লোচন, স্বাগতা ভৰালী, অসীম কৃষ্ণ বৰুৱা আৰু অপৰ্ণা দত্ত চৌধুৰীৰ জীৱন্ত অভিনয়ে “দ্যা লাষ্ট ছিগাৰেট” ক আৰু অধিক উপভোগ্য কৰি তুলিছে। চুটি ছবিখনৰ পৰিচালনা কৰিছে অভিনেত্ৰী স্বাগতা ভৰালীয়ে নিজেই। পৰিশ্মিতা হাজৰিকাই প্ৰযোজনা কৰা চুটি ছবিখনৰ কাহিনী, চিত্ৰনাট্য তথা সংলাপ অতুল শইকীয়াৰ আৰু চিনেমেটোগ্ৰাফী চিৰঞ্জিৎ ৰামচিয়াৰীৰ। সম্পাদনা আৰু ডি.আইৰ দায়িত্ব বহন কৰিছে দেৱব্ৰত ফুকনে। সংগীত পৰিচালনা জোনাকী মনৰ আৰু বেকগ্ৰাউণ্ড স্কৰ জগদীশ নাথৰ। চুটি ছবিখনত সংযোজিত গীতৰ কথা ডানিশ আহমেদৰ।

“Jonaki Mon Creation” নামে ইউটিউব চেনেলটোত উপলব্ধ এই চুটি ছবিখন। আপোনালোকেও এবাৰ চাওক চোন।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *