Spread the love

NK production ৰ বেনাৰত নিৰ্মিত “দ্যা শ্লেম বুক” ছবিখনে আকৌ এবাৰ চৰ্চা লাভ কৰিছে। অতিশীঘ্ৰে ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে। বিগত বহুদিনৰ পৰা ছবিখনে মুক্তি লাভৰ বাবে অপেক্ষা কৰি ৰৈছিল, চলিত বৰ্ষৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত এখন অসমীয়া ছবি ৰূপে পৰিগণিত হ’ব “দ্যা শ্লেম বুক”। নৱপ্ৰজন্মৰ পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে ছবিখন। এই নৱপ্ৰজন্মৰ উদীয়মান পৰিচালক গৰাকীয়ে ইতিমধ্যে কেইবাটাও প্ৰকল্পৰ জৰিয়তে অসমীয়া দৰ্শক সমাজক নিজৰ প্ৰতিভাৰ সন্ধান দিছে। তেওঁৰ “I like Your T-shirt”, “Sorry” ইত্যাদি চুটি ছবিসমূহে ইউটিউব বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বৃহৎ প্ৰডাকচন হাউচ এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনক লৈ উৎসাহিতও হৈ পৰিছে অনুৰাগী সকল। শিক্ষা জীৱনৰ প্ৰেম আৰু বন্ধুত্ব কাহিনীৰে নিৰ্মিত ছবিখনে যুৱপ্ৰজন্মক আকৰ্ষিত কৰিব বুলি ক’ব পৰা যায়।

আনহাতে,”দ্যা শ্লেম বুক” ৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। এই ছবিখনৰ সংগীত পৰিচালনা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছে কামছীয়ে। ছবিখনত অভিনয় কৰিছে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ দায়িত্বত আছে হেমন্ত শৰ্মা।

ছবিখনৰ মুক্তিৰ তাৰিখৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে ইয়াৰ প্ৰচাৰৰ বাবে নিজ প্ৰয়াস অব্যাহত ৰাখিছে। সকলোলৈ Jollywood Now ৰ তৰফৰ পৰা আমি জনাইছোঁ আন্তৰিম শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *