Spread the love

ছ’চিয়েল মিডিয়া আৰু ট্ৰ’ল সংস্কৃতি- এই দুটাই যেন এটা আনটোৰ পৰিপূৰক। ছ’চিয়েল মিডিয়াত বৰ্তমান আনক নেতিবাচক সমালোচনা কৰাটো অত্যন্ত সহজ কাম হৈ পৰিছে। শেহতীয়াকৈ এটা সাক্ষাৎকাৰ যোগে কণ্ঠশিল্পী তথা নৱবিবাহিতা ঋতৃষা শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অতিশীঘ্ৰে তেওঁৰ এটি নতুন গীত “আকুল বিকুল কলিজা” য়ে মুক্তি লাভ কৰিব। গীতটোৰ বাবে ইতিমধ্যে শ্বুটিং আৰম্ভ কৰিছে কণ্ঠশিল্পী গৰাকীয়ে। বিবাহপাশত আৱদ্ধ হোৱাৰ পিছতেই তেওঁৰ এয়া প্ৰথমটো গীত। বিবাহৰ কথা অহাৰ লগে লগেই ঋতৃষাক জনসাধাৰণে কৰা ট্ৰ’ল প্ৰসংগটো একেবাৰে এৰাব নোৱাৰা এটি বিষয় হৈ পৰে। নিজতকৈ অকণমান ডাঙৰ বয়সৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ফলত কণ্ঠশিল্পী গৰাকীক ছ’চিয়েল মিডিয়াৰ প্ৰতিটো প্লেটফৰ্মতে থকা-সৰকা কৰা হৈছিল। কৰ্মসূত্ৰে আমেৰিকাত থকা অঞ্জন শইকীয়া নামে এগৰাকী ব্যক্তিৰ সৈতে প্ৰায় এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ঋতৃষা শৰ্মাৰ তেওঁৰ সৈতে চিনাকী আছিল ২০১৬ চনৰে।

২০২১ বৰ্ষত তেওঁৰ প্ৰযোজনাৰে কণ্ঠশিল্পী ঋতৃষা শৰ্মাই মুকলি কৰিছিল তেওঁৰ কেৰিয়াৰৰ অন্যতম জনপ্ৰিয় গীত “বুঢ়া তামোলৰ পাগ”। গীতটিৰ মুক্তিৰ পিছতেই প্ৰেমৰ প্ৰস্তাৱ প্ৰদান কৰিছিল অঞ্জনে ঋতৃষা শৰ্মাক। কিন্তু তাৰ পিছতেই আৰম্ভ হৈছিল ট্ৰ’লৰ বৰষুণ। বৰ্তমান এই ট্ৰ’ল সমূহক মনোৰঞ্জনৰ এক মাধ্যম হিচাবে ব্যৱহাৰ কৰোঁ বুলি মন্তব্য কৰি কণ্ঠশিল্পী গৰাকীয়ে কয় যে, “বহুত কষ্ট কৰি কিছুমান গান বনাইছোঁ। ২৩ বছৰীয়া সংগীতৰ সাধনা এতিয়ালৈকে অব্যাহত ৰাখি জনসাধাৰণক আমোদ দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হয় যদিও জনসাধাৰণে এই প্ৰচেষ্টা সমূহক উফৰাই তেওঁলোক ব্যস্ত থাকে আমাৰ ব্যক্তিগত জীৱনৰ সৈতে। গতিকে, মানুহবোৰে অকণমান মনুষ্যত্বৰ জ্ঞান লোৱাটো প্ৰয়োজন।”

বৰ্তমান কণ্ঠশিল্পী গৰাকী তেওঁৰ আগন্তুক প্ৰকল্পটোক লৈ ব্যস্ত। বিভিন্ন ধৰণৰ ভিডিঅ’ৰ প্ৰচাৰ কৰি তেওঁ নিজৰ প্ৰকল্পটোৰ বিষয়ে জনাই আহিছে ৰাইজক। তেওঁলৈ Jollywood Now ৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *