সংগীত ক্ষেত্ৰখনত এনে কেইগৰাকী মান সংগীতশিল্পী আছে, যিসকলৰ প্ৰকল্প আহিব বুলি ক’লেই উৎসাহিত হয় শ্ৰোতা-দৰ্শক সকল। কাৰণ তেওঁলোকে নিজৰ এক সুকীয়া বৈশিষ্ট্য জনসাধাৰণৰ হৃদয়ত বনাবলৈ সক্ষম হৈছে যাৰ বাবে তেওঁলোক সদায় প্ৰিয় হৈ থাকে সকলোৰে। তেওঁলোকৰ কণ্ঠত স্বকীয়তা থকাৰ লগতে তেওঁলোকৰ গীত সমূহে প্ৰাধান্য লাভ কৰে সৰু-বৰ সকলোৰে ওচৰত। জুবলী বৰুৱা, এই কণ্ঠশিল্পী গৰাকীৰ নামটোৱেই যথেষ্ট। ৰঙালী আহিছে আৰু জুবলী বৰুৱাৰ কোনো বিহুগীতে মুক্তি লাভ নকৰিব! তেনে কথা হ’ব পাৰে জানো? একেবাৰেই নহয়। জুবলীৰ অনুৰাগী সকললৈ সুখবৰ। ৰঙালীৰ প্ৰাকক্ষণত তেওঁৰ কণ্ঠৰে আহি আছে এটি নতুন গীত “কঁপনি উঠিলে জাৰত”। ইতিমধ্যে গীতটিৰ টিজাৰটোৱে মুক্তি লাভ কৰিছে আৰু টিজাৰটোৱে দৰ্শকৰ বহুল হাৰত সঁহাৰি পোৱাও পৰিলক্ষিত হৈছে।
বিহুগীতটিত কণ্ঠদান কৰাৰ সমান্তৰালকৈ ইয়াত সংগীত কৰিছে দ্বীপকেশ বৰগোঁহাইয়ে আৰু শব্দ সংমিশ্ৰণ কৰিছে ডনী হাজৰিকাই। নিজ মাতৃৰ সান্নিধ্যত থাকি সংগীত জগতত খোজ পেলোৱা এইগৰাকী কণ্ঠশিল্পী জুবলী বৰুৱাই তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰিছিল। জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত তথা দীক্ষুকে ধৰি কেইবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীৰ সৈতে কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰাৰ উপৰিও জুবলীয়ে নিজেই “মাটি” এলবামটিৰ লগতে অসমীয়া বহুকেইটা গীতত সংগীত পৰিচালক হিচাবেও দায়িত্ব পালন কৰিছে। অসমীয়া সংগীত ক্ষেত্ৰতেই নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জিলিকি আছে জুবলী বৰুৱা। তেওঁৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত “ৰৌকা ৰৌকা” শীৰ্ষক গীতটো আপোনালোকেও নিশ্চয় উপভোগ কৰিছে।
জুবলী বৰুৱা সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ। তেওঁৰ আগন্তুক গীতটিৰ বাবে Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।