Spread the love

এখন সুন্দৰ অসমীয়া লোককথাৰ ওপৰত আধাৰিত চুটি ছবিক যদি আপুনি উপভোগ কৰিবলৈ বিচাৰিছে, তেতিয়াহ’লে সেই চুটি ছবিখনে ইতিমধ্যে মুক্তি লাভ কৰিছে ইউটিউবত। ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত সকলে এজন নৱপ্ৰজন্মৰ পৰিচালকৰ নাম আজি কেইবাদিনো ধৰি শুনি আহিছে। অসমীয়া চহা জীৱনৰ সৈতে জড়িত লোককথা অথবা ভূত-প্ৰেত সমূহৰ নামেৰে আমি সৰুৰে পৰা যিসমূহ গল্প তথা কাহিনী শুনি আহিছোঁ, সেই সমূহকে ভেটি হিচাবে লৈ এইগৰাকী পৰিচালক চিন্ময় বাৰ্মায়ে দৰ্শকক প্ৰদান কৰিবলৈ প্ৰয়াস কৰি আহিছে একোটা নতুন প্ৰকল্প। শেহতীয়াকৈ তেওঁৰ পৰিচালনাৰে নিৰ্মিত “ঘোঁৰাপাক” য়ে মুক্তি লাভ কৰিছে, যিয়ে জনসমাজত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। “ঘোঁৰাপাক” এনে এটা ভূত যাৰ আধা অংশ মনুষ্যৰ আৰু আধা অংশ ঘোঁৰাৰ থাকে। সি কেতিয়াবা মানৱ ৰূপ লয় আৰু কোনো সময়ত এগৰাকী সুস্থ মনুষ্যক নিজ আগ্ৰাসনত লৈ পেলায়। সাধাৰণতে নদীৰ পাৰ অথবা পুখুৰীৰ পাৰত দেখিবলৈ পোৱা “ঘোঁৰাপাকে” মাছ খাবলৈ ভাল পায়।

মানুহৰ মুখে মুখে প্ৰচলিত এই কাহিনীসমূহক বুটলিয়ে চিন্ময় বাৰ্মাৰ এই সুন্দৰ প্ৰচেষ্টা। চুটি ছবিখনত অভিনয় কৰিছে ক্ৰমে বিপিন কলিতা, নিবেদিতা কলিতা, প্ৰয়াস শৰ্মা তামুলী, বিৰেণ দাস, মুকুন্দ কলিতা, ত্ৰিদীপ তালুকদাৰ, পৰিস্মিতা দত্ত, শংকৰ দাস, দীক্ষিতা ৰাজবংশী আৰু কিশোৰ লহকৰ, নিলোৎপল লহকৰ আৰু অবিনাশ কাশ্যপে। প্ৰযোজনা কৰিছে ত্ৰিনাৰাণী পাটৰ (The Signed Film Company) য়ে। চুটি ছবিখনত গ্ৰাম্য জীৱনৰ এখন জীয়া ছবিক উপস্থাপন কৰা হৈছে। বেকগ্ৰাউণ্ডত শুনিবলৈ পোৱা বৰগীত আৰু ওজা-পালিয়ে চুটি ছবিখনক দৰ্শকৰ সৈতে অধিক সংযোগ কৰা বুলি ক’ব পাৰি।

প্ৰায় ১৩ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে ৰোমাঞ্চিত কৰি গৈছে সকলোকে। আপোনালোকেও উপভোগ কৰিব পাৰে। চুটি ছবিখনৰ সৈতে জড়িত সকলোৰে প্ৰয়াস শলাগিবলগীয়া, সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *