বিহুৰ লগতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনো গীতে-মাতে ৰজন-জনাই থাকে। শিল্পী সকলৰ ব্যস্ততা তথা তেওঁলোকৰ নতুন প্ৰকল্প সমূহে বিহুৰ সময়ত সাতখন-আঠখন হৈ থকা অসমীয়াক একপ্ৰকাৰ সমৃদ্ধই কৰি ৰাখে বুলি ক’ব পাৰি। বিহু বুলি ক’লেই জানমণি, অঞ্জনা ইত্যাদিৰ নতুন চিডি কেচেট বোৰে যে মুক্তি লাভ কৰিছিল, আপোনালোকৰ বাৰু মনত আছেনে? সেই সময়ত ১০-২০ টকাত এই চিডি সমূহ ভাড়ালৈ আনি অসমীয়াই বিহুৰ বন্ধৰ দিনকেইটাত আমোদ লাভ কৰিছিল। দীৰ্ঘদিনীয়া বিৰতিৰ পিছত পুনৰ বাৰ এন কে প্ৰডাকচনে সেই পুৰণি দিনৰ সুকীয়া আমেজকে জনসাধাৰণক প্ৰদানৰ প্ৰয়াস কৰিছে। শেহতীয়াকৈ “জানমণি ২০২৩” ৰ প্ৰথমটো খণ্ডৰ মুক্তি লাভ কৰিছে ইউটিউবত। দুদিনতে খণ্ডটিয়ে বহু হাজাৰৰ অংকত ভিউৱাৰচ লাভ কৰাৰ লগতে সকলোৰে পৰা ইতিবাচক সঁহাৰিও লাভ কৰা দেখিবলৈ পোৱা গৈছে।
“জানমণি ২০২৩” ত সেই পুৰণিৰ জানমণিৰ সংস্কৰণ সমূহৰ সৈতে জড়িত বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা গ’ল। যেন দৰ্শকক স্মৃতি ৰোমন্থন কৰোৱালে খণ্ডটিয়ে। নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয়ৰ প্ৰশংসাও কৰিছে বিভিন্ন জনে। সুন্দৰ কাহিনী, উপস্থাপন তথা সংগীত সমূহেও বৰ্তমান সঁহাৰি লাভ কৰিছে। উদয় শংকৰৰ পৰিচালনাৰে “জানমণি ২০২৩” ৰ প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে। কাহিনী, চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে প্ৰণৱ বৰুৱা। গীত সমূহত কণ্ঠদান কৰিছে ক্ৰমে জুবিন গাৰ্গ, চয়নিকা ভূঞা, ভিটালী দাস, মিলি বৰুৱা, সমীৰ চিন্ময় আৰু বৰ্ণালী ডেকাই। গীত সমূহৰ কথা আৰু সুৰ বিপিন চাউদাং, বিমান বৰুৱা, বিপুল চেতিয়া ফুকন আৰু পৰাগৰ। মুখ্য সহকাৰী পৰিচালক ৰাজমণি ভূঞা আৰু সহকাৰী পৰিচালক হিচাবে দায়িত্ব পালন কৰিছে ঋতু গগৈ আৰু নৱনীত নিলাভে।
ইয়াত অভিনয় কৰিছে ক্ৰমে জ্যোতি ভূঞা, অৰুণ হাজৰিকা, অমিতাভ ৰাজখোৱা, বিজিত চৌধুৰী, বিশ্বজ্যোতি বৰকাকতি, জিটু মহন্ত, নীলা শইকীয়া, অদিতি বৰুৱা, অংশুমান ভূঞা, প্ৰীতম যোগী, আমজাদ খান, ইণ্ডাৰ চৌধুৰী, ৰাজমণি ভূঞা, অবিনাশ কাশ্যপ, ইমন নাথ, বাবু দাস, নৱনীত নিলাভ, উদেষ্ণা বৰুৱা, অঞ্জু হাজৰিকা, অষ্ট্ৰিয়ানা দিহিঙীয়া, কুঁৱলী হাজৰিকা, লাভলী দিহিঙীয়া, নিৰূপম কোঁচ, নিৰঞ্জন ফুকন, জ্যোতিষ্মান চুতীয়া, বিপুল নাথ, বিষ্ণু দত্ত, প্ৰাণজিত নাথ, অনন্যা দেৱী, গিৰিন নাথ, বিউটি দেৱী, মটিনাথ নাথ, কুশল নাথ, মৃণাল পাটৰ, শুনেন্দ্ৰ নাথ আৰু দিলীপ ঠাকুৰীয়াই।