আমি সদায় অকণমান হাঁহিবলৈ মন কৰোঁ। হাঁহিৰ খোৰাক যোগোৱা যিকোনো বস্তুৱেই সেইবাবে আমি আনৰ লগতো ছ’চিয়েল মিডিয়াত ভাগ-বতৰা কৰোঁ। শেহতীয়াকৈ মুক্তি লাভ কৰিবলগীয়া এখন ছবিয়ে আপোনাকো হাঁহিৰ খোৰাক যোগাবলৈ সাজু হৈছে। “লোকেল কুংফু” তথা “লোকেল উৎপাত” নিশ্চয় আপোনালোকৰ মনত আছে? “লোকেল উৎপাত” য়ে অতি কম বাজেটেৰে নিৰ্মিত হ’লেও সপ্তাহৰ পিছত সপ্তাহজোৰা দৰ্শকক আকৰ্ষিত কৰি তোলাৰ লগতে যথেষ্ট হাৰত বক্স অফিচ কালেকচন কৰিবলৈও সক্ষম হৈছিল। এইবাৰো জনসাধাৰণৰ বাবে, জনসাধাৰণক হহুঁৱাবলৈ আহি আছে “কি কোৱা দোস্তী?” অহা ২৮ এপ্ৰিল তাৰিখে ছবিখনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহত মুক্তি লাভ কৰিব।
কেনী বসুমতাৰীয়ে পৰিচালনা কৰা এই ছবিখন ভাড়াঘৰত থকা চাৰিগৰাকী যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত হোৱা কেতবোৰ দুঃসাহসিক ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে। ইয়াত অভিনয় কৰিছে ক্ৰমে ৰূপশ্ৰী ফুকন, শ্রুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই। আনহাতে, বিভূতি ভূষণ হাজৰিকা, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ লগতে আন বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে “কি কোৱা দোস্তী” ত অতিথি শিল্পী হিচাবে অভিনয় কৰিছে। ছবিখনত কুলনন্দিনী মহন্তই প্রযোজনা ডিজাইনাৰৰ দায়িত্ব ৰূপায়ণ কৰাৰ লগতে “লোকেল উৎপাত” ত মুখ্য চৰিত্ৰ ৰূপায়িত পুনম গুৰুঙে সাজ-পাৰ তথা ডিজাইনাৰ হিচাপে কাম কৰিছে। লগতে, ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে সুৰজ ডেকাই ।
উক্ত ছবিখনক লৈ ইতিমধ্যে দৰ্শক সকল উৎসাহিত হৈ পৰিছে। আগন্তুক ২৮ এপ্ৰিল তাৰিখেহে এই ছবিখনৰ জনপ্ৰিয়তা সন্দৰ্ভত জানিব পৰা যাব। Jollywood Now ৰ তৰফৰ পৰা ছবিখনৰ সৈতে সকলোলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।