“সিঁহত যদি ধুমুহা হয়, মই জুই হয় আৰু জুইত যিমানেই বতাহ লাগে সিমানেই ডাঙৰকৈ জ্বলে…” – “শ্ৰী ৰঘুপতি” ৰ ট্ৰেইলাৰ মুক্তিঃ
বহু প্ৰত্যাশিত “শ্ৰী ৰঘুপতি” ৰ ট্ৰেইলাৰে লাভ কৰিলে মুক্তি। মুক্তি লাভৰ পিছতেই ইণ্টাৰনেটত ছবিখনৰ প্ৰসংগই একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে। ৰবি শৰ্মাৰ ব’ডি, অৰুণ হাজৰিকাৰ দৰে এগৰাকী জ্যেষ্ঠ অভিনেতাৰ এনে নতুন লুকে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ যেন একপ্ৰকাৰ বাধ্য কৰি তুলিছে।
একছন, ড্ৰামা, ৰোমাঞ্চ, চাচপেন্স ইত্যাদি সকলো বিষয়বস্তুক সামৰি আহি আছে “শ্ৰী ৰঘুপতি” অহা ২ জুন, ২০২৩ তাৰিখে। কেৱল মাত্ৰ আৰু কেইটামান দিনৰ অপেক্ষা। আমি সকলোৱে কওঁ, অসমীয়া ছবিৰ ঢৌৱে পুনৰ বাৰ দৰ্শকক মুগ্ধ কৰাটো আমি বিচাৰোঁ। সঁচাকৈ, “শ্ৰী ৰঘুপতি” ৰ এই বিশেষ ট্ৰেইলাৰটোৱে আপোনাক নিশ্চিতভাৱে টানি নিব ছবিগৃহলৈ।
বহু দিনীয়া অপেক্ষাৰ অন্তত এখন ভাল অসমীয়া ছবি চাবলৈ অপেক্ষা কৰি থকা সকলক আমি আহ্বান জনাইছোঁ, এবাৰ “শ্ৰী ৰঘুপতি” ৰ এই ট্ৰেইলাৰটো উপভোগ কৰক আৰু তাৰ পিছত নিজেই সিদ্ধান্ত লওক এই প্ৰত্যাশিত ছবিখন চাবলৈ আপুনিও সাজু নে?