Spread the love

জীৱন… তিনিটা শব্দৰে গঠিত যদিও ইয়াৰ সাৰমৰ্ম বুজাটো বৰ কঠিন। আমি বুজিবও নোৱাৰোঁ, বুজাবও নোৱাৰো। এই জীৱনটো যেতিয়া আমি খণ্ড খণ্ডকৈ জীয়াবলৈ লওঁ তেতিয়া আমি সন্মুখীন হওঁ প্ৰত্যাহ্বানৰ, ককৰ্থনাৰ। সপোনবোৰ আমাৰ ডাঙৰ, কিবা এটা কৰি যোৱাৰ দুৰ্বাৰ হেঁপাহে আমাক খুন্দিয়াই থাকিলেও বহু লোকৰ মুখৰ পৰা ওলোৱা কেইটামান শব্দই আমাক ৰৈ যাবলৈ বাধ্য কৰোৱায়। এই জীৱনটোক লৈ শেহতীয়াকৈ “Zerothdrama” ৰ বেনাৰত মুক্তি লাভ কৰিছে এখন চিৰিজ “সপোনৰ সমীকৰণ”। চিৰিজখনৰ প্ৰথমটো খণ্ডত দেখুওৱা কাহিনীভাগে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

বিষ্ণুজ্যোতি সন্দিকৈয়ে পৰিচালনা কৰা চিৰিজখনৰ কাহিনীভাগ হৈছে বেদব্ৰত বৰাৰ। চিত্ৰনাট্য আৰু সংলাপৰ দায়িত্বত আছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু বেদব্ৰত। আনহাতে চিৰিজখনত অভিনয় কৰিছে ক্ৰমে নৱদ্বীপ বৰগোঁহাই, অশ্ৰুমণি বৰা, হিমাংশু প্ৰসাদ দাস, স্বাগতা ভৰালী, বেদব্ৰত বৰা, অনমল ৰাজ শইকীয়া, ৰীণা দাস, অপৰ্ণা দাস, ঝুলন জ্যোতি হাজৰিকা, স্বপ্না কুঁৱৰী ডেকা, ড° জয়ন্তী মাধৱ দাস, অমৃত, বিষ্ণুজ্যোতি সন্দিকৈৰ লগতে Bhadra IAS Academy ৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে। চিত্ৰগ্ৰহণ ৰিপুঞ্জয় নিৰ্মলিয়াৰ, সহঃ পৰিচালক জিতুল ৰাজবংশী আৰু সহঃ চিত্ৰগ্ৰহণকাৰী হৈছে মাধুৰ্য্য বৰা।

চিৰিজখনৰ প্ৰথমটো খণ্ডয়ে দৰ্শকক বাকী কেইটা খণ্ডৰ বাবেও উৎসাহিত কৰি তুলিছে। “জীৱন” ৰ সংজ্ঞাক লৈ আমি সকলোৱে হাঁহাকাৰ কৰোঁ। কিন্তু জীৱনৰ জটিল সমীকৰণবোৰ এটা এটাকৈ ভাঙি গ’লেইটো ওলাই পৰে আমাৰ উত্তৰ। গতিকে, যদিহে আপোনালোকে এতিয়ালৈকে উপভোগ কৰা নাই “সপোনৰ সমীকৰণ”। ইউটিউবত উপলব্ধ, চাব পাৰে আপোনালোকে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *