Spread the love

প্ৰতিটো মাহত একোখন অসমীয়া ছবিৰ মুক্তি সঁচাকৈ সমগ্ৰ অসমৰ বাবে এক সুখবৰ। সঁচাকৈ যেন ঘূৰি আহিছে অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সেই তাহানিৰ সোণালী দিন। বিগত সময়ত ক’ভিডৰ বিভীষিকাময় পৰিস্থিতিয়ে এই ক্ষেত্ৰখনত কিছু বিৰাম লগাইছে যদিও আহিবলগীয়া সময়ত কেইবাখনো সুন্দৰ ছবিৰ মুক্তিৰ খবৰে উৎসাহিত কৰিছে দৰ্শক ৰাইজক। সাম্প্ৰতিক সময়ছোৱাত অসমীয়া ছবিক্ষেত্ৰখনে নতুন নতুন বিষয়বস্তুৰ লগতে প্ৰতিভাশীল নৱপ্ৰজন্মৰ প্ৰতিভাক উপভোগ কৰিছে। আগন্তুক সময়ত আন এখন অসমীয়া ছবিৰ সৈতে আহিবলৈ সাজু হৈছে নৱপ্ৰজন্মৰ কেইবাগৰাকীও প্ৰতিভা।

শেহতীয়াকৈ “Countdown” নামৰ এখন অসমীয়া ছবিৰ শুভ মুহুৰত সম্পন্ন হয়। যুৱপ্ৰজন্মৰ মাজৰ বহু নতুন মুখ এই ছবিখনৰ জৰিয়তে দেখিবলৈ পাব দৰ্শকে। অনামিকা ফিল্মচ এণ্ড ষ্টুডিঅ’ ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিব কিশোৰ বৰুৱাই। আনহাতে, ছবিখনৰ চিত্ৰনাট্যৰো দায়িত্বত আছে পৰিচালক গৰাকী। সহকাৰী পৰিচালক হৈছে মুনিন্দ্ৰ কোঁৱৰ। একচন, ড্ৰামা আৰু ৰোমাঞ্চৰ সংমিশ্ৰণেৰে নিৰ্মাণ হ’বলগীয়া উক্ত ছবিখনত দুই মুখ্য চৰিত্ৰত অভিনয় কৰিব ক্ৰমে পিংকল প্ৰত্যুষ আৰু ৰাজশ্ৰী দাসে। অৱশ্যে এই দুয়োগৰাকী প্ৰতিভাৰ বিগত দিনৰ বহু প্ৰকল্প আমি সকলোৱে উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰোপৰি, ছবিখনৰ আন আন চৰিত্ৰ সমূহৰ বাবে বহু কেইগৰাকী নতুন প্ৰতিভাকেই অডিশ্বনৰ দ্বাৰা নিৰ্বাচন কৰা হৈছে।

ছবিখনৰ শুভ মুহুৰতৰ সময়ছোৱাৰ কেইখন স্থিৰচিত্ৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। সমান্তৰালকৈ, Jollywood Now ৰ তৰফৰ পৰা ছবিখনৰ সৈতে জড়িত আটাইলৈ জনাইছোঁ শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *