সমাজ ব্যৱস্থাত “মাহীমাকৰ” নিৰ্দ্দিষ্ট ধাৰণা সলনি কৰিবৰ বাবে সম্প্ৰচাৰিত ধাৰাবাহিক “ৰাগ-অনুৰাগ”-
একোখন নতুন ধাৰাবাহিকৰ কনেচেপ্টেও জনসাধাৰণক সংযোগ কৰাত সহায় কৰে। শেহতীয়াকৈ অসমীয়া ধাৰাবাহিক ক্ষেত্ৰখনত সদ্যসম্প্ৰচাৰিত প্ৰতিখন ধাৰাবাহিকৰেই বিষয়বস্তু ইটোতকৈ সিটো বেলেগ তথা ব্যতিক্ৰম। বিগত ৫ জুন তাৰিখৰ পৰা মনোৰঞ্জনধৰ্মী চেনেল “ৰং” ত সম্প্ৰচাৰ লাভ কৰা “ৰাগ-অনুৰাগ” নামৰ ধাৰাবাহিকখনে যথেষ্ট সমাদৰ বুটলিছে। আমাৰ সমাজ ব্যৱস্থাত “মাহীমাক” শব্দটোক লৈ এটা নিৰ্দ্দিষ্ট ধাৰণা আছে যে মাহীমাক মানেই নিষ্ঠুৰ আৰু কঠোৰ। কিন্তু বাস্তৱ জগতত প্ৰতিগৰাকী মাহীমাক জানো একেই? নিশ্চয় নহয়। এটা নিৰ্দ্দিষ্ট ধাৰণাৰ হেতু এয়া আমি ভাবি লওঁ। অৱশ্যে জনসাধাৰণৰ মাজত চলি থকা এই ধাৰণাটোক সলনি কৰাৰ উদ্দেশ্যৰেই নিৰ্মাণ কৰি উলিওৱা হৈছে “ৰাগ-অনুৰাগ”।
যোৱা ৫ জুন তাৰিখৰ পৰা সম্প্ৰচাৰিত ধাৰাবাহিকখন সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯ বজাত আপোনালোকে উপভোগ কৰিব পাৰিব। পৰিচালকৰ দায়িত্বত আছে নানান পাচনি। ইতিমধ্যে তেওঁৰ পৰিচালনা নূপুৰ, নমামি ইত্যাদি আন বহুকেইখন ধাৰাবাহিক আপোনালোকে উপভোগ কৰিছে। কাহিনীভাগ লিখিছে জিন্টু ভট্টাচাৰ্যৰ আৰু চিত্ৰনাট্য-সংলাপ জ্ঞান বৰুৱাৰ। “ৰাগ-অনুৰাগ” ত অভিনয় কৰিছে ক্ৰমে জুৰি শৰ্মা, অতুল পাচনি, হীৰ নেওগ, প্ৰাণকৃষ্ণ মহন্ত, নৱ বৰুৱা, ৰূপম বৰুৱা, ধৰিত্ৰী জুমি কলিতা, অৰুপ বৰা, অনন্যা পাচনি, জ্যোতি ভূঞা, নীলা শইকীয়া, মধুস্মিতা দিহিঙীয়া, ওৱেচিচ তালুকদাৰ, জিয়া শৰ্মা, অনাবিল মহন্ত, ধীৰাজ তালুকদাৰ, ৰাগিণী কৌশিক, ৰাজলক্ষী দিহিঙীয়া, অপূৰ্ব বৰ্মন ইত্যাদি বিভিন্ন গৰাকী অভিনেতা-অভিনেত্ৰীয়ে। মুখ্য সহঃ পৰিচালনা সিদ্ধাৰ্থ শংকৰ নাথৰ আৰু সহঃপৰিচালনা প্ৰাঞ্জল হালৈৰ। প্ৰযোজনাৰ দায়িত্বত আছে ভৰত কলিতা আৰু সহঃ প্ৰযোজনা ৰীণা কলিতাৰ। আৱহ সংগীত পৰাগ প্ৰিয়ম নাথৰ।
ধাৰাবাহিক খনে যি উদ্দেশ্যক লৈ নিৰ্মাণ লাভ কৰিছে, সেই উদ্দেশ্য সাফল্যমণ্ডিত হওক আমি তাকে কামনা কৰিছোঁ। ধাৰাবাহিকখনৰ সৈতে জড়িত আটাইলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জনাইছোঁ।