Spread the love

অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ বাবে জুবিন গাৰ্গ কোন অথবা কি হয়! সেয়া মুখেৰে স্পষ্টকৈ নক’লেও প্ৰত্যেকেই অনুভৱ কৰে। তেওঁ এক জীৱন্ত অনুষ্ঠান, তেওঁৰ সৈতে কাৰো তুলনা নহয়। সংগীত ক্ষেত্ৰখনৰ উত্থানৰ লগতে তাত এক নতুন ৰহণ সানি শ্ৰোতা সকলক প্ৰদান কৰাৰ দিন ধৰি সেই একেই ধাৰা অব্যাহত ৰাখিছে শিল্পী গৰাকীয়ে। তেওঁৰ বিষয়ে অৱশ্যে বেছিকৈ ক’বলগীয়া নাই, তেওঁ ব্যতিক্ৰম। জুবিন গাৰ্গৰ গীতসমূহক অইনৰ মুখে আমি বহুবাৰ শুনি আহিছোঁ, তেওঁৰ কথা কোৱাৰ ধৰণত কথা কয় জনসাধাৰণৰ কাষ চপাও আমি বহুতক দেখিছোঁ। কিন্তু জুবিন গাৰ্গ যে এগৰাকীয়ে…

শেহতীয়াকৈ, গপ-শপ ৯৪.৩ এফ.এম য়ে এক বিশেষ প্ৰচেষ্টা হাতত লৈছে। জুবিন গাৰ্গৰ জীৱনীৰে প্ৰস্তুত কৰি উলিয়াইছে এখন নতুন তথ্যচিত্ৰ। নামটো হৈছে “EUCALYPTUS: Zubeen Garg’s Journey”। ১৩ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনৰ সৈতে আপুনি তেওঁৰ অনুৰাগী হিচাবে বাৰুকৈয়ে সংযোগ কৰিব পাৰিব। তাহানিৰ দিনত “ফৰৱাৰ্ড” মাৰি মাৰি কেছেটত শুনা তেওঁৰ প্ৰতিটো গীতে আপোনাক অতীত ৰোমন্থন কৰাব। গতিকে, বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে উপভোগ কৰক এই তথ্যচিত্ৰখন।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *