১৯৯৮ চনত মুক্তিপ্ৰাপ্ত “যৌৱনে আমনি কৰে” ছবিখনে লাভ কৰিছিল বাণিজ্যিকভাৱে সফলতা। কিন্তু এই সফলতা লাভৰ বাবে ছবিখনেও সন্মুখীন হৈছিল বিভিন্ন প্ৰত্যাহ্বানৰ। ছবিখনৰ মুক্তিৰ সময়ছোৱাত হলীউডৰ জেমছ কেমেৰুণৰ ‘টাইটানিক’ আৰু বলীউডৰ অমিতাভ বচ্চন–গোবিন্দ অভিনীত ‘বড়ে মিঞা ছোটে মিঞা’ ছবিখন চলি আছিল। এই দুয়োখন ছবিৰ সৈতে যুঁজি ওলাই আহিছিল “যৌৱনে আমনি কৰে”।
ছবিগৃহত ২৫ টা সপ্তাহত ৭০০ টা দৰ্শনীত প্ৰদৰ্শিত হৈছিল “যৌৱনে আমনি কৰে” ছবিখন। শেহতীয়াকৈ ছবিখনে ২৫ টা বছৰ অতিক্ৰম কৰিছে, ৰূপালী জয়ন্তী বৰ্ষত ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে ইয়াৰ দ্বিতীয়টো সংস্কৰণ নিৰ্মাণৰ কথা জনাইছে। এই বাৰ্তাই অসমবাসী ৰাইজকো উৎসাহিত কৰি তুলিছে। উল্লেখ্য যে, তাহানিৰ দিনত ছবিখন উপভোগ কৰিবৰ বাবে দৰ্শকে টিকট ক্ৰয় কৰিছিল ৭ টকাৰ পৰা ১৫ টকালৈ। এই কম টকাৰে ছবিখনে উদ্যোগটোত এক আলোড়ণৰ সৃষ্টি কৰিছিল।
বৰ্তমান পৰ্যন্ত ছবিখনৰ দ্বিতীয়টো সংস্কৰণত কোন অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব সেই বিষয়টো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।