Spread the love

আজি বিশ্ব সংগীত দিৱস। সংগীত কি অথবা ইয়াৰ বিষয়ে যেতিয়া সোধা হয় তেতিয়া আমি ইয়াৰ সংজ্ঞা হয়টো ভিন্নজনে ভিন্নধৰণে দিবলৈ যাম। কিন্তু এই সংগীতৰ তত্ত্ব এটাই যিটো সকলোৱে অনুভৱ কৰে যে সংগীত আত্মাৰ সৈতে একাত্ম। প্ৰত্যেক লোকে দুখ-সুখত, হতাশাত সকলোতে সংগীত শুনে। সংগীত শুনাটো এনে এটা কাম যাৰ বাবে নিৰ্দ্দিষ্ট সময় নাথাকে। সংগীত কি নহয়? ইয়াৰ জৰিয়তে আন্দোলন কৰিব পাৰি, ইয়াৰ জৰিয়তে যুঁজিব পাৰি। সংগীতৰ সৃষ্টি কেতিয়া বাৰু? এই প্ৰশ্নৰ উত্তৰো কোনোবাই দিব পাৰিব বুলি আমি নাভাবো। কিয়নো এটা সংগীত চৰাই-চিৰিকটিৰ মাতেৰেও সৃষ্ট তথা নৈ-জান-জুৰিৰ কুলুকুলু পানীৰ ধ্বনিটো আমি বিচাৰি পাওঁ। গতিকে, ইয়াৰ সৃষ্টি ক’ত -কেতিয়া সেয়া ক’ব পৰা নাযায়।

আপোনালোকে ভাবি চাইছেনে? সংগীত শুনাৰ বা সংগীতৰ সৈতে একাত্ম হোৱাৰ যদি নিৰ্দ্দিষ্ট সময় নাই তেতিয়াহ’লে “সংগীত দিৱস” বিশেষভাৱে এদিন উদযাপন কৰাৰ প্ৰয়োজন কি! আপোনালোকে জানেনে? এই দিৱস পোনপ্ৰথমবাৰৰ বাবে ফ্ৰান্সত উদযাপন কৰা হৈছিল। নিজৰ কলা সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত ফ্ৰান্সে অধিক গুৰুত্ব প্ৰদান কৰে আৰু সেই উদ্দেশ্যৰে এই দেশখনত ১৯৮২ চনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। সংগীত দিৱসৰ এই বিশেষ দিনটোত সংগীতৰ অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু সেই অনুষ্ঠান বোৰত দেশখনৰ জনপ্ৰিয় সংগীত শিল্পী সকলে সম্পূৰ্ণ বিনামূলীয়াকৈ গীত পৰিবেশন কৰাৰ পৰম্পৰা আছিল।

ৰেল’ৱে প্লেটফৰ্ম, ৰাজহুৱা স্থানত সংগীতশিল্পী সকলে বিনামূলীয়াকৈ গীত গাই সাধাৰণ জনতাক আকৰ্ষণ কৰিছিল। আৰ্জেণ্টিনা, ইউকে, লাক্সেমবাৰ্গ, জাৰ্মানী, চীন, লেবানন, কোষ্টা ৰিকাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত আজিও “বিশ্ব সংগীত দিৱস” ৰ দিনা এনে কিছু কাৰ্যসূচী ৰূপায়ণ কৰা হয়।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *