Spread the love

এক অনন্য বৈশিষ্ট্যৰে পূৰ্ণ ৰীমা দাস। তেওঁৰ ছবিসমূহৰ কনচেপ্ট যদিও সহজ-সৰল, কিন্তু হৃদয়স্পৰ্শী। ৰীমা দাসৰ ছবিসমূহে মনোৰঞ্জন দিয়া লগতে সমাজলৈ এক গধুৰ বাৰ্তা প্ৰেৰণ কৰে। আমি এইক্ষেত্ৰত “ভিলেজ ৰকষ্টাৰ” অথবা “বুলবুল কেন ছিং” ৰ কথা ক’ব পাৰোঁ। তেওঁৰ আন এখন ছবি ঘৰুৱা দৰ্শকৰ সমুখত আহিবলৈ সাজু হৈ উঠিছে। ছবিখনৰ নাম “তৰাজ হাজবেণ্ড”। নামটোৱে আচলতে বুজাই দিয়ে ছবিখনত কি আছে! তৰাৰ স্বামী আৰু তৰাৰ সাংসাৰিক জীৱনটোক এই ছবিখনত উপস্থাপন কৰা হৈছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই ছবিখনক “ট’ৰেণ্টো আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ” ত প্ৰদৰ্শিত কৰা হৈছে।

১৩৫ মিনিট দৈৰ্ঘ্যৰ ৰীমা দাসৰ এই ছবিখনত ক’ভিডৰ সময়ছোৱাৰ এটা কাহিনীক উপস্থাপন কৰা হৈছে। তৰাৰ স্বামী জানে ক’ভিড পৰিস্থিতিত নিজে ধাৰ লৈ কেনেদৰে নিজৰ কৰ্মচাৰীসকলক টকা দিছিল অথবা তাৰ ফলত পৰৱৰ্তী সময়ত জানে কি পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল সেই আটাইবোৰ ঘটনা- পৰিঘটনাক লৈ নিৰ্মাণ হৈছে “তৰাজ হাজবেণ্ড”। ছয়গাঁৱৰ গ্ৰাম্য ভাষাতেই নিৰ্মাণ হৈছে এই ছবিখনো। ইয়াত পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইন আৰু সম্পাদনাৰ দায়িত্বতো ৰীমা দাস নিজেই আছে। ইয়াত অভিনয় কৰিছে ক্ৰমে অভিজিৎ দাস, তৰালি কলিতা দাস, ভূমান ভার্গব দাস, পূর্বাঞ্চলি দাস, সিমন্ত মালাকাৰ, নীলিমা দাস আদিয়ে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *