মৃত্যু চিৰন্তন সত্য যদিও ই আমাৰ একেবাৰে কাম্য নহয়। অভিনয় জগতখনত ইমানদিনে সুগন্ধি বিলাই থকা ফুলপাহ হঠাৎ মৰহি যোৱাত সকলো শোকস্তব্ধ হৈ পৰিছে।
বিজয় শংকৰ শইকীয়া… মঞ্চ, টেলিভিছন তথা ছবি জগতখনৰ এক চিনাকী নাম। নিজ ৩৯ বছৰ বয়সতেই তেখেতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনলৈ যথেষ্ট বৰঙণি আগবঢ়াইছে। “ডক্তৰ বেজবৰুৱা ২” ছবিখনত অলপতে তেখেতক দৰ্শকে দেখিবলৈ পাইছিল। ইয়াৰ সমান্তৰালকৈ, তেওঁক আগন্তুক “কৃষ্ণচূড়া.com” চিৰিজখনত চাবলৈ পাব দৰ্শকে কিন্তু এয়া নিয়তিৰ নিষ্ঠুৰ পৰিহাস যে আমি তেওঁক ৰোমন্থন কৰিহে প্ৰকল্পটোক চাবলগীয়া হ’ব।
আপোনালোকক এইখিনিতে জনাই থওঁ যে, বিজয় শংকৰে অসম চৰকাৰৰ চলিত বৰ্ষৰ বিহুৱা, বিহুৱতীক আনুষ্ঠানিক ভাৱে গীনিজ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ আৰু পুৰস্কৃত কৰা অনুষ্ঠানত পথ সুৰক্ষা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰি ৰচনা কৰা নাটখন পৰিচালনা কৰাৰ লগতে তাত তেওঁ অভিনয় কৰিছিল।
“Jollywood Now” ৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গ তথা গুণমুগ্ধ সকললৈ গভীৰ সমবেদনা জনাইছোঁ।
।।ঔঁম শান্তি।।