এই ফটোখন কোনখন ছবিৰ বাৰু জানেনে?
…… এই ছবিখন আছিল প্ৰথম গৰাকী অসমীয়া বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বিতীয়খন ছবি “ইন্দ্ৰমালতী” ৰ। আগৰৱালা দেৱে নিজৰ প্ৰথমখন ছবি “জয়মতী” ত হোৱা লোকচানৰ বান্ধ মাৰিবলৈহে “ইন্দ্ৰমালতী” ৰ নিৰ্মাণ কৰিছিল বুলি একাংশই কয়। দৰ্শকৰ এই কথাষাৰত হয়ভৰ দিছিল জ্যোতিপ্ৰসাদ আগৰৱালা দেৱেও। তেখেতে কৈছিল “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও ছবিখনৰ বহুলতা কমাই ৰখা হৈছে।”
“ইন্দ্ৰমালতী” ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। তেজপুৰৰ মিছন চাৰিআলিত “ইন্দ্ৰমালতী” ৰ বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত। মনোভিৰাম বৰুৱা, ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী, থানু বৰা , ভূপেন হাজৰিকা, ৰাসেশ্বৰী বৰুৱা, উপা কটক, অন্ন বুজৰবৰুৱা, বেদানন্দ শৰ্মা, খৰ্গেশ্বৰ আগৰৱালা, মণি লাহিড়ী, গজেন বৰুৱা, কাশীকান্ত শইকীয়া, শুভ বৰুৱা, হেমলতা কলিতা আৰু ঘনকান্ত সিংহই এই ছবিখনত অভিনয় কৰিছিল।
“ইন্দ্ৰমালতী” ৰ বাজেট আছিল ১৫,০০০ টকাৰ। আনহাতে, ছবিখনৰ তেতিয়াৰ দিনত বক্স অফিচ কালেকচন আছিল ১০,০০০ ৰ পৰা ১২,০০০ টকা।