শিপা… অৰ্থাৎ গুৰি, মূল। এজোপা গছক মাটিত ধৰি ৰখা আটাইতকৈ জৰুৰী বস্তুটোৱেই হৈছে “শিপা”। এই “শিপা” ৰ নামটোৰে আহি আছে এখন অসমীয়া ছবি। Nexstar Studios ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে ৰাজা চৰণ সিঙে। ছবিখনৰ পষ্টাৰ সমূহে জনসাধাৰণৰ মাজত আলোড়ণৰ সৃষ্টি কৰিছে। অপেক্ষাৰত হৈ পৰিছে দৰ্শক সকল, এই ছবিখনত এনে এক বিষয়বস্তুক সামৰি লোৱা হৈছে যাৰ মূলখুঁটি বিচাৰি ঘূৰি ফুৰে ইয়াৰ কাহিনীভাগ। আপোনালোকে বুজা নাই নহয়নে? ৰ’ব অকণমান কথাটো বুজাই দিছোঁ।
আহিবলগীয়া এই ছবিখনৰ নাম হৈছে “শিপা- The Ink is still not Dry”। এখন কিতাপেৰে আৰম্ভ হৈছে এই ছবিখনৰ কাহিনীভাগ। যিখন কিতাপ যিজন ব্যক্তিয়েই পঢ়ে তেওঁৰ মৃত্যু হয়। কিতাপখনত এনে কি আছে অথবা কিতাপখনৰ স্ৰষ্টাগৰাকীৰ বিষয়ে জানিবলৈ আৰম্ভ হয় এক তদন্ত তথা সন্ধান। দুজন যুৱক আৰু এগৰাকী যুৱতীয়ে কিতাপখনৰ মূল শিপাডালৰ সন্ধানত নামোতে সন্মুখীন হ’বলগীয়া প্ৰত্যাহ্বান সমূহক লৈয়ে এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনৰ প্ৰযোজনা অসীম নাথ আৰু বিকাশ সাহাৰ।ছবিখনৰ অভিনয় কৰিছে সুৰুয কুমাৰ কলিতা, ডানী কাশ্যপ, শংকু বৰমুদৈ, ৰাজু ৰয়, চিন্ময় কটকী, শ্যামলীমা দাস আৰু মিষ্ট্ৰী মেন।
ছবিখনৰ সৈতে প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী, কলা-কুশলীক Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।