এই যে নিত্য-নতুন প্ৰয়াসত আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী ব্ৰতী থাকে, সেয়া সঁচাকৈ আদৰণীয়। এগৰাকী দৰ্শক হিচাবে আমি প্ৰায় নতুন প্ৰকল্প চাবলৈ বিচাৰোঁ, ব্যতিক্ৰমী সুন্দৰ প্ৰয়াসবোৰ আমি উপভোগ কৰি ভালপাওঁ। আৰু, দৰ্শকসকলক সেই নতুন প্ৰয়াসৰ আমোদ প্ৰদান কৰিবৰ বাবে যেতিয়া শিল্পীসকলে নিজৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখে তেতিয়া আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণ হয় বুলি ক’ব পৰা যায়।
হিমাংশু প্ৰসাদ দাসে শেহতীয়াকৈ তেওঁৰ আহিবলগীয়া নতুন প্ৰকল্পটোৰ ঘোষণা কৰিছিল। চাৰিটা গল্প সমৃদ্ধ এখন চিৰিজ মুকলি কৰা হ’ব, য’ত থাকিব চাৰিগৰাকী জনপ্ৰিয় গল্পকাৰৰ হৃদয়স্পৰ্শী অথবা ৰোমাঞ্চক চাৰিটা গল্পৰ চিত্ৰৰূপ। এই চিৰিজখনৰ নাম দিয়া হৈছে “চিনেগল্প”। অহা ২৮ জুলাই তাৰিখে চিৰিজখনৰ প্ৰথমটো গল্প “খোজৰ শব্দ” ক মুক্তি দিয়া হ’ব Mind Garage নামৰ ইউটিউব চেনেলটোত। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ গল্পটোক আধাৰ হিচাবে লৈয়ে এই প্ৰথমটো প্ৰকল্পক মুক্তি দিয়া হ’ব। হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা তথা পৰিচালনাৰে আহিবলগীয়া এই প্ৰকল্পটোত অভিনয় কৰিছে দীপলিনা ডেকা, হিৰণ্যদেৱ শৰ্মা আৰু হিমাংশু প্ৰসাদ দাসে। গল্পটো পাঠ কৰিছে কপিল বৰাই।
প্ৰকল্পটোৱে অনাগত দিনত যথেষ্ট সমাদৰ লাভ কৰিব বুলি আমি একাষাৰে কৈছোঁ, কিয়নো ইয়াৰ ঘোষণাৰ পিছতেই কেওদিশে চৰ্চাৰ সৃষ্টি হৈছিল। আটাইকে Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।