অসমৰ নাৰী সমাজৰ গৌৰৱ, স্বাভিমানৰ প্ৰতীক তথা দেশপ্ৰেম আৰু অসীম সাহসেৰে মহীয়ান নাৰী সতী সাধনীয়ে বিশ্বৰ প্ৰথমটো নাৰী বাহিনী গঠন কৰি নিজ মাতৃভূমিৰ ৰক্ষাৰ্থে প্ৰাণাহুতি দিছিল। চুতীয়া জনগোষ্ঠীৰ মহাৰাণী আই সাধনীয়ে স্বদেশ,স্বজাতিৰ প্ৰতি যি ত্যাগ কৰিলে, সেই ত্যাগ চিৰদিন ইতিহাসৰ পৃষ্ঠাত জিলিকি থাকিব। পৰিচালক বিশ্বজিৎ বৰাই এইগৰাকী মহীয়সী নাৰীৰ বিভিন্ন গাঁথাক জনসাধাৰণৰ মাজত উলিয়াই আনিবৰ বাবে “বীৰাঙ্গনা সাধনী” ৰ জৰিয়তে দ্ৰুত হাৰত যো-জা আৰম্ভ কৰিছে। সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থাৰ প্ৰযোজনাৰে নিৰ্মাণ হ’বলগীয়া ছবিখনৰ বিভিন্ন চৰিত্ৰৰ বাবে কিছুদিন পূৰ্বে লোৱা হৈছিল অডিশ্বন।
শেহতীয়াকৈ গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অডিশ্বনত নিৰ্বাচিত প্ৰতিভাসকলৰ নাম প্ৰকাশ পাইছে। সতী সাধনীৰ বীৰত্ব, ত্যাগ তথা স্বদেশপ্ৰেমক ছবি আকাৰে উলিয়াই অনাত নৱপ্ৰজন্মৰ অংশীদাৰিত্ব হ’ব লক্ষণীয়। উল্লেখ্য যে, এই ছবিখন প্ৰতিভাশালী লেখিকা প্ৰয়াত তুলিকা শইকীয়াৰ গ্ৰন্থ- “চাৰিশাল গোঁসানীৰ তেজ” শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মাণ কৰা হ’ব। অসমৰ বুৰঞ্জীৰ এই সোণালী ইতিহাসক ৰাইজৰ মাজলৈ উলিয়াই আনিবলৈ পৰিচালক বিশ্বজিৎ বৰাৰ সাহস প্ৰশংসনীয়। উন্নত মানৰ কাৰিকৰী প্ৰযুক্তিৰে নিৰ্মাণ হ’বলগীয়া “বীৰাঙ্গনা সাধনী” য়ে অসমীয়া ছবি উদ্যোগত এক মাইলৰ খুঁটি হিচাবে পৰিগণিত হ’ব বুলি আমাৰ দৃঢ়বিশ্বাস।