দৌৰি যোৱা ভৰিবোৰ কিয় থমকিছে?
এখন অসমীয়া ছবিয়ে যেতিয়া মুক্তি লাভৰ বাবে যো-জা আৰম্ভ কৰে তেতিয়া সেই ছবিখনৰ নিৰ্মাতাগোষ্ঠী সকলৰ লগতে অসমবাসী ৰাইজো একপ্ৰকাৰ উৎসাহেৰে ৰৈ থাকে। সেই তাহানিৰ “হিয়া দিয়া নিয়া”, “নায়ক”, “বাৰুদ”, “বিধাতা” ইত্যাদি ছবিবোৰ চাবলৈ, বিশেষভাৱে যতীন বৰাৰ অভিনয় চাবলৈ তিনি-চাৰি বাৰলৈ দৰ্শকে টিকেট কাটি গৈছিল ছবিগৃহলৈ।
কিন্তু শেহতীয়াকৈ যতীন বৰাৰ আগন্তুক ছবি “ৰাঘৱ” ৰ টিজাৰ মুক্তিৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈছে অভিনেতা গৰাকী। কোনোৱে য’ত কৈছে “আৱেগিক হৈ ছবি চাবলৈ নাযাওঁ”, তাতেই আকৌ আন কোনোবাই ছবিখনৰ সৈতে সংযোগ কৰিব পৰা নাই বুলি মন্তব্য কৰিছে। আন একাংশৰ মতে, দক্ষিণৰ সংস্কৃতি টানি অসমীয়া সংস্কৃতিৰ সৈতে মিলাই গোটেই খন খিচিৰি কৰিছে “ৰাঘৱ” ছবিখনে। পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। এই পৰিৱৰ্তনৰ সৈতে ঢাল খাই আগবাঢ়ি যাব পৰাটোৱেই আচলতে আমাৰ জীৱনৰ উদ্দেশ্য। কিন্তু “ৰাঘৱ” ছবিখনত দেখা পৰিৱৰ্তনে হৃদয় জিনিব কিয় নোৱাৰিলে দৰ্শকৰ? অভিনেতা যতীন বৰাৰ দূৰ্দান্ত অভিনয়ৰ গাঁথাবোৰৰ সৈতেও কিয় সংযোগ নকৰিলে দৰ্শকে? ছবিখন উপভোগ কৰাৰ পূৰ্বেই এটা সৰু ক্লিপত সীমাবদ্ধ থাকি কিয় জনসাধাৰণে দিলে নিজ নিজ ক্ল’জাৰ?
এতিয়া উত্তৰ আপোনালোকৰ। জাতীয়বোধৰ হৈ-হাল্লা কৰি বাৰম্বাৰ বহুতক কোৱা শুনিছোঁ যে, “অসমীয়া মানুহ হিচাবে অসমীয়া ছবি চাব লাগে।” কিন্তু আজি এখন অসমীয়া ছবিৰ মুক্তিৰ পূৰ্বেই দৰ্শকৰ কিয় আমুৱাইছে?